Independence Day 2023: স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সৰুপথাৰত ত্ৰিৰংগা যাত্ৰা
গোলাঘাট, ১৩ আগষ্ট :সৰুপথাৰত ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ভাৰতীয় জনতা পাৰ্টী, সৰুপথাৰ মণ্ডলৰ উদ্যেগত সৰুপথাৰ টাউনৰ মাজমজিয়াৰ পৰা সৰুপথাৰৰ ৰামধেনু মুকলি মঞ্চলৈ ত্ৰিৰংগা যাত্ৰা কৰে ৷ এই যাত্ৰাত অংশগ্ৰহণ কৰে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, সৰুপথাৰ আৰু বৰপথাৰ মণ্ডলৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলৰ লগতে শতাধিক লোকে ৷ এই ত্ৰিৰংগা যাত্ৰাত দেশৰ ৰাষ্ট্ৰীয় পতাকা হাতে হাতে লৈ যাত্ৰা কৰে অংশগ্ৰহণকাৰী সকলে ৷
ইফালে ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ লগতে সৰুপথাৰত চলিছে পেৰেডৰ অনুশীলন ৷ ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত চলিছে সৰুপথাৰৰ কেইবাখনো বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পেৰেড অনুশীলন ৷ এই পেৰেডত অংশ গ্ৰহণ কৰিছে সৰুপথাৰ মহাবিদ্যালয়ৰ NCC দলে ৷
সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তত চলিছে স্বাধীনতা দিৱসৰ প্ৰস্তুতি ৷ তাৰ সমান্তৰালকৈ সৰুপথাৰতো চলিছে ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি ৷ স্বাধীনতা দিৱসৰ দিনটোত সৰুপথাৰ ৰাজহুৱা খেলপথাৰত প্ৰদৰ্শিত হ'ব এই পেৰেড ৷
লগতে পঢ়ক : Azadi Ka Amrit Mahotsav: গুৱাহাটীত বীৰ শ্বহীদৰ স্মৃতিত CRPFৰ বাইক ৰেলি