অসম

assam

বিজেপিৰ মুখ্য কাৰ্যালয়ত জিলা কাৰ্যালয় প্ৰবন্ধন সমিতিৰ সাংগঠনিক সভা

By

Published : May 27, 2023, 1:25 PM IST

ETV Bharat / videos

Modi govt's 9th anniversary celebrations: বিজেপিৰ মুখ্য কাৰ্যালয়ত জিলা কাৰ্যালয় প্ৰবন্ধন সমিতিৰ সাংগঠনিক সভা

গুৱাহাটী, ২৭ মে’:মহানগৰীৰ বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হয় জিলা কাৰ্যালয় প্ৰবন্ধন সমিতিৰ সাংগঠনিক সভা (BJP Management Committees Organizational Meeting)। সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (BJP State President Bhabesh Kalita), সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাকে আদি কৰি বহুকেইজন দলীয় নেতা । এই সভাত ৫ জনকৈ অৰাজনৈতিক ব্যক্তিয়ে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত ।

সভাৰ অন্তত সভাপতি ভৱেশ কলিতাই জনসম্পৰ্কৰক্ষী সভা সন্দৰ্ভত মন্তব্য আগবঢ়াই কয়, ২২ মে'ত ৩৯ খন জিলাত অনুষ্ঠিত হৈছে সাংগঠনিক সভা । ২৯ মে'ৰ পৰা ৩০ জুনলৈ সমগ্র ৰাজ্যত অনুষ্ঠিত কৰা হ’ব কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তি অনুষ্ঠান(Modi govt's 9th anniversary celebrations) । ২৯ মে'ৰ পুৱা মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক সম্বোধন কৰিব আৰু সন্ধিয়া সামাজিক মাধ্যমৰ লগত জড়িত লোকসকলৰ লগত বাৰ্তালাপ কৰিব । ১ জুনৰ পৰা আৰম্ভ হ’ব মুখ্য কাৰ্যসূচী ।

ইয়াৰ উপৰি ২১ জুনত যোগ দিৱস উপলক্ষে প্ৰতিটো মণ্ডল স্তৰত ৫০০ জনগণৰ সমাবেশেৰে অনুষ্ঠিত কৰা হ’ব যোগাভ্যাস । ২৩ জুনত প্ৰতিটো বুথস্তৰত পালন কৰা হ’ব ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যুতিথি । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অনলাইন মাধ্যমেৰে ১০ লাখ বুথ কাৰ্যকৰ্তাক সম্বোধন কৰিব ।

২৫ জুনত পালন কৰা হ’ব ক’লা দিৱস । ১৯৭৬ চনত কংগ্ৰেছে ঘোষণা কৰা জৰুৰীকালীন অবস্থাৰ বিভীষিকাৰ বিৰোধিতাৰে জিলাই জিলাই হ’ব ক’লা দিৱস । প্ৰতিটো লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব একোখনকৈ জনসভা । জুন মাহৰ শেষত নগাঁও অথবা লক্ষীমপুৰ সমষ্টিত অনুষ্ঠিত হ’বলগীয়া জনসভাত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

লগতে পঢ়ক:Bhupen Bora criticizes BJP Govt: অসমীয়াৰ আবেগক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ ভূপেন বৰাৰ

ABOUT THE AUTHOR

...view details