অসম

assam

Bjp Assam State Minority Morcha sajati dal: নৱ নিযুক্তি চাকৰিয়ালৰ ঘৰে ঘৰে উপস্থিত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সজাতি দল

By

Published : Jan 31, 2023, 4:53 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

জনীয়া, 31 জানুৱাৰী:"বিগত দুই বছৰত ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু ৰাজ্যিক সমিতি আৰু জিলা সমিতিৰ সহযোগত  প্ৰায় চাৰে চাৰি হাজাৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে চাকৰি লাভ কৰিছে ৷ এই পৰিয়ালসমূহৰ লগত আমি মত বিনিময় বা বাৰ্তালাপৰ কাৰ্যসূচী হাতত লৈছো ৷ তাৰে অংশস্বৰূপে আমি আজি বৰপেটা জিলাত চাকৰি লাভ কৰা পৰিয়ালসমূহৰ লগত মত বিনিময় কৰিবলৈ আহিছো ৷ সেইসকল পৰিয়ালৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো ৷ সেই পৰিয়ালসমূহৰ চৰকাৰৰ প্ৰতি মনোভাৱে কেনেকুৱা আমি বুজিবলৈ চেষ্টা কৰিছো ৷  

আপোনালোকক জনাবলৈ পাই মই অত্যন্ত আনন্দিত যে যিসকল পৰিয়ালৰ লোকে চাকৰি লাভ কৰিছে তেওঁলোকৰ পৰিয়ালৰসমূহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে চৰকাৰখনক লাখ লাখ কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷  চৰকাৰে যি স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে মেধাৰ ওপৰত ভিত্তি কৰি দুখীয়াতকৈ দুখীয়া পৰিয়ালসমূহৰ লোকসকলক চাকৰি প্ৰদান কৰিছে এই ব্যৱস্থাত তেওঁলোক অত্যন্ত সুখী ৷" আজি বৰপেটাৰ কলগাছিয়াৰ উদমাৰীত নৱ নিযুক্তি চাকৰিয়ালৰ ঘৰে ঘৰে উপস্থিত হৈ অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি (Bjp Assam State Minority Morcha sajati dal ) তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াজ কুজুৰে (Former MP Santiuse Kujur) এই মন্তব্য প্ৰকাশ কৰে ৷

শেহতীয়াকৈ প্ৰায় চাৰে চাৰি হাজাৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে চাকৰি লাভ কৰাৰ পিচতেই মঙলবাৰে কলগাছিয়াৰ উদমাৰীত নৱ নিযুক্তি চাকৰিয়ালৰ ঘৰে ঘৰে উপস্থিত হয় বিজেপিৰ অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ এটা সজাতি দল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) নিৰ্দেশ মৰ্মে নৱ নিযুক্তি চাকৰিয়ালৰ ঘৰে ঘৰে গৈ পিতৃ-মাতৃক ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু আশীৰ্বাদ লোৱাৰ উদ্দেশ্যৰে উদমাৰী গাঁৱৰ ঘৰে ঘৰে উপস্থিত হয় এই দলটো ৷  

উদমাৰী গাঁৱৰ নুৰুল আমিনে অসম লোকসেৱা আয়োগৰ অভিযন্তা, এপিএছচিৰ পৰীক্ষাত পৰিদৰ্শকৰ প্ৰথম স্থান দখল কৰা শ্বফি কামাল, অসম আৰক্ষীত চাকৰি লাভ কৰা শ্বফিউৰ ৰহমান আৰু সাহাদত হুছেইন  আৰু কেইগৰাকীও টেট শিক্ষকৰো ঘৰে ঘৰে গৈ তেওঁলোকৰ পিতৃ মাতৃৰ সৈতে মত বিনিময় কৰে দলটোৱে ৷ অভিভাৱকসকলে সজাতি দলটোক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় । অতিকৈ দৰিদ্ৰ পৰিয়ালৰ যুৱক কেইজনে এটকা উৎকোচ নিদিয়াকৈ যোগ্যতাৰ ভিত্তিত চাকৰি দিয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে অভিভাৱকসকলে । 

লগতে পঢ়ক:Birthday of Bishnu Rabha: তেজপুৰত কলাগুৰুৰ ১১৪ সংখ্যক জন্ম দিৱস পালন

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details