অসম

assam

মহাবীৰ চিলাৰায়ৰ ৫১৩ সংখ্যক জন্মজয়ন্তী পালন

ETV Bharat / videos

Mahabir Chilarai 513rd Birth Anniversary: মহাবীৰ চিলাৰায়ৰ ৫১৩ সংখ্যক জন্মজয়ন্তী পালন - পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

By

Published : Feb 5, 2023, 4:39 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

বাইহাটা, ৫ ফেব্ৰুৱাৰী:আজি ৰাজ্য চৰকাৰ, কামৰূপ জিলা প্ৰশাসন আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আমিনগাঁওস্থিত চিলাৰায় উদ্যানত বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৩ সংখ্যক জন্মজয়ন্তী পালন কৰা হয় । বীৰগৰাকীৰ জন্মজয়ন্তীৰ উপলক্ষ্যে উদ্যানখনত স্থাপন কৰা তেওঁৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে শ্ৰদ্ধা জ্ঞাপন কৰে ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, চিপাঝাৰ সমষ্টিৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, কামৰূপ জিলা উপায়ুক্ত কীৰ্তি জল্লীকে ধৰি প্ৰশাসনৰ অন্যান্য বিষয়াৰ লগতে কোচ ৰাজবংশী সন্মিলনী তথা অন্যান্য সহযোগী দল-সংগঠনৰ বিষয়ববীয়াসকলে । ইয়াৰ পূৰ্বে এই উপলক্ষে এক বৰ্ণিল শোভাযাত্ৰাও উলিওৱা হয় ।

ইয়াৰ পিছতে সদৌ অসম কোচ ৰাজবংশীৰ সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বক্তব্য প্ৰদান কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে(Forest Minister Chandra Mohan Patowary) মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমানৰ ৰাজ্য চৰকাৰখনে নৱ প্ৰজন্ম বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্যখনৰ ইতিহাসৰ বিষয়ে সজাগ আৰু সচেতন কৰাৰ দিশত যি পদক্ষেপ লৈ আছে তাৰ জৰিয়তে চিলাৰায়ৰ দৰে মহান বীৰৰ প্ৰকৃতাৰ্থত মূল্যায়ন হ’ব বুলি আশা প্ৰকাশ কৰে(Chilarai Divas observed in Assam) ।

ইফালে অনুষ্ঠানত বক্তব্য প্ৰদান কৰি বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে(FM Ajanta Neog) চিলাৰায়ৰ বীৰত্ব, পৰাক্ৰমৰ আদৰ্শৰে উদ্বুদ্ধ হৈ নৱ প্ৰজন্মক দেশ মাতৃৰ হকে সেৱা আগবঢ়োৱাৰ বাবে আহ্বান জনায় । অনুষ্ঠানত বিধায়কদ্বয় ক্ৰমে ড৹ পৰমানন্দ ৰাজবংশী, হেমাংগ ঠাকুৰীয়া, কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়েও(Kamrup DC Keerthi Jalli) মহাবীৰ চিলাৰয়ৰ পৰাক্ৰম, বীৰত্ব, মানৱীয় প্ৰমূল্যবোধ আদি বিভিন্ন গুণৰাজিৰ বৰ্ণনাৰে বক্তব্য প্ৰদান কৰে । বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৩ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি এক বাৰেৰহণীয় সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক:Matri Pitri vandana scheme : পিতৃ-মাতৃৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ ৰাজ্য চৰকাৰৰ বিশেষ ছুটী

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

...view details