অসম

assam

নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত পালন ৰাষ্ট্ৰীয় একতা দিৱস

ETV Bharat / videos

Rashtriya Ekta Diwas 2023: নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত পালন ৰাষ্ট্ৰীয় একতা দিৱস - Nagaon Police

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 3:25 PM IST

নগাঁও,31 অক্টোবৰ : স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ আজি জন্মজয়ন্তী ৷ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশতে আজিৰ দিনটো ‘‘ৰাষ্ট্ৰীয় একতা দিৱস’’ হিচাপে পালন কৰি আহিছে ৷ অসমৰ বিভিন্ন প্ৰান্ততো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হৈছে ৷

মঙলবাৰে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগতো পালন কৰা হয় একতা দিৱস । একতা দিৱস উপলক্ষে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বাহিৰ কৰা হয় একতা ৰেলী । নগাঁও আৰক্ষী চাউনীৰ পৰা আৰম্ভ হোৱা একতা ৰেলীয়ে নগাঁও চহৰ পৰিভ্ৰমণ কৰি পুনৰ আৰক্ষী চাউনীত সমাপ্ত হয় ।

নগাঁও চহৰৰ মাজেৰে উলিওৱা একতা ৰেলীত নগাঁও আৰক্ষীৰ লগতে শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । নগাঁও আৰক্ষী অধীক্ষক নৱনীত মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষকৰ লগতে আৰক্ষীৰ বাহিনীৰ লোকেও ৰেলীত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Poor road condition : কামপুৰ-বৈঠালাংছু পথত মৰণফান্দ; ৰাজপথত সৃষ্টি পুখুৰীসদৃশ গাঁত

ABOUT THE AUTHOR

...view details