Protest in Sivasagar: শৃংখলৰ মুক্তিৰ দাবীত প্ৰতিবাদ বীৰ লাচিত সেনাৰ - Bir Lachit Sena leader Sringkhal Chaliha
শিৱসাগৰ, ৪মে':শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচী (Bir Lachit Sena protest at Sivasagar)। বৃহস্পতিবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শৃংখল চলিহাৰ মুক্তি দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বীৰ লাচিত সেনা । বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক ষড়যন্ত্ৰমূলকভাৱে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰি বীৰ লাচিত সেনাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
জামিন লাভৰ পাচতো শৃংখল চলিহাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰ জাপি দিয়াৰ বাবে চৰকাৰক তীব্ৰ গৰিহণা দিছে সংগঠনটোৱে । বিহুৰ চান্দা বিচৰাৰ নামত অংকুশ কেডিয়া নামৰ শিৱসাগৰৰ এগৰাকী ব্যৱসায়ীৰ গাত থুৱাই দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল শৃংখল চলিহা ৷ কেডিয়াই শিৱসাগৰ সদৰ থানাত শৃংখল চলিহাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ (Bir Lachit Sena leader Sringkhal Chaliha)। জামিন লাভৰ পিচতেই কাৰাগাৰৰ সন্মুখৰ পৰাই পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল বীৰ লাচিত সেনাৰ নেতাজন (Srinkhal Chaliha arrested again)। ইয়াৰ পিচতেই আৰম্ভ হয় বীৰ লাচিত সেনাৰ প্ৰতিবাদ ।
লগতে পঢ়ক:OC Kulendra Huzuri suspended : শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ হুজুৰিক নিলম্বন