অসম

assam

Crime in Guwahati: মহানগৰীত পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ চেইন কাঢ়িলে দুৰ্বৃত্তই

By

Published : Jul 9, 2023, 9:18 PM IST

পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ চেইন কাঢ়িলে দুৰ্বৃত্তই

গুৱাহাটী,৯ জুলাই: অপৰাধ আৰু অপৰাধীক কঠোৰ নীতিৰে দমন কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়াৰ পিচতো গুৱাহাটী মহানগৰীত সঘনাই সংঘটিত হৈ আছে অপৰাধজনিত ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি হৈছে চিলনী চোৰৰ উপদ্ৰৱ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বৃদ্ধি হৈছে চিলনী চোৰৰ সন্ত্ৰাস ।  

নিশাতো বাদেই দিনৰ পোহৰতে পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি নিয়ে দুৰ্বৃত্তই । দেওবাৰে প্ৰাতঃভ্ৰমণলৈ অহা এগৰাকী মহিলাৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি নিয়ে পিষ্টলধাৰী দুৰ্বৃত্তই । এইবাৰ মহানগৰীৰ পূব শৰণীয়াত সংঘটিত হৈছে পিষ্টল দেখুৱাই ডিঙিৰ সোণৰ চেইন কাঢ়ি নিয়া এই ঘটনা । পূব শৰণীয়াত প্ৰাতঃভ্ৰমণ কৰিবলৈ যোৱা মহিলাক আক্ৰমণ কৰে দুৰ্বৃত্তই ।  

বাইকত অহা দুৰ্বৃত্তই পিষ্টল দেখুৱাই কাঢ়ি নিলে মহিলাগৰাকীৰ ডিঙিৰ চেইন । ক'লা ৰঙৰ পালছাৰ বাইকত আহিছিল দুই ক'লা কাপোৰ পৰিহত যুৱক । মহিলাগৰাকীৰ পিচফালৰ পৰা আহি কাঢ়ি লৈ যায় সোণৰ চেইন । সমগ্ৰ ঘটনা বন্দী হৈ ৰয় CCTV কেমেৰাত । ভুক্তভোগী মহিলাগৰাকীৰ নাম মনিৰা ৰাভা বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক:Guwahati district library: গুৱাহাটী জিলা পুথিভঁড়াল ভঙাৰ বিৰোধিতা তৃণমূল কংগ্ৰেছৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details