অসম

assam

ETV Bharat / videos

হোজাইত আঠখন চুৰি বাইকসহ তিনি চোৰক গ্ৰেপ্তাৰ - Sankardev Nagar Court

By

Published : Aug 20, 2022, 10:40 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

হোজাই আৰক্ষীয়ে অভিযান চলাই ৮ খনকৈ চুৰি হোৱা বাইক জব্দ কৰাৰ লগতে আৰু আটক কৰে তিনিজন লোকক (Stolen bike rescued in Hojai)। হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰুকায়স্থৰ(Hojai district SP) নিৰ্দেশমৰ্মে লংকা আৰক্ষীয়ে লংকাৰ বিভিন্ন ঠাইত চলাইছিল এই অভিযান । অভিযান কালত AS21-A-9546, AS-21-D 3972, AS-21E 6396, AS-21 E4721, AS-22-8037, AS-21D 8150, A-21-7635 আৰু AS-09 F1301 নম্বৰৰ ৮ খন বাইক জব্দ কৰে ৷ লগতে আতিকুৰ ৰহমান, ৰছিদ আহমেদ আৰু ফকৰুল ইছলাম নামৰ তিনি চোৰক আটক কৰে (Bike thief arrested in Hojai)। লংকা আৰক্ষী থানাত উক্ত ঘটনা সন্দৰ্ভত ৩৫৩/২২ নম্বৰত গোচৰ ৰুজু কৰি আটকাধীন চোৰকেইটাক শংকৰদেৱ নগৰ আদালতলৈ (Sankardev Nagar Court) প্ৰেৰণ কৰা হয় যদিও আদালতে লংকা আৰক্ষীৰ আবেদনত দুদিনৰ বাবেহে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details