Thief Arrested in Jonai: জোনাইত চুৰি বাইকসহ এটা বাইক চোৰ আটক আৰক্ষীৰ - বাইক চোৰৰ সন্ত্ৰাস
জোনাই, 29 মাৰ্চ: ৰাজ্যত চলিছে বাইক চোৰৰ সন্ত্ৰাস ৷ ইতিমধ্যে সঘনাই বাইক চুৰিৰ দৰে ঘটনা সংঘটিত হ'বলৈ ধৰিছে ৰাজ্যত (Thief Arrested in Jonai) ৷
ইয়াৰ মাজতে জোনাইত আৰক্ষীয়ে আটক কৰিলে চুৰি বাইকসহ এটা গভাইত বাইক চোৰ ৷ আৰক্ষীয়ে জোনাইৰ লক্ষী নেপালী বস্তিৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে চোৰটোক (Bike thief arrested with a stolen bike in Jonai) ৷
জানিব পৰামতে সোমবাৰে নিশা চিলাপথাৰৰ এগৰাকী ব্যক্তিৰ ঘৰৰ চোতালৰ পৰা তেওঁৰ বাইকখন হেৰায় ৷ লগে লগে ব্যক্তিজন বাইকখন হেৰুওৱা সন্দৰ্ভত চিলাপথাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে (Bike Thief Arrested in Jonai) ৷
এই এজাহাৰৰ ভিত্তিত অভিযান চলাই বিক্ৰি কৰিবলৈ নিয়া অৱস্থাত, জোনাইৰ লক্ষী নেপালী বস্তিত চুৰি বাইকখনৰ সৈতে হাতে-লোটে চোৰটোক আটক কৰিবলৈ সক্ষম হয় জোনাই আৰক্ষী ৷ আটকাধীন বাইক চোৰটো জোনাইৰ নাহৰ গেজেৰা গাঁৱৰ নৰেশ দলে বুলি জানিব পৰা গৈছে ।