অসম

assam

ETV Bharat / videos

Bike Thief Arrested: কলগাছিয়াত চুৰিৰ 2 বছৰ পিছত আটক হ’ল বাইক চোৰ - Bike thief arrested

By

Published : Aug 3, 2022, 10:30 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

দুবছৰ পূৰ্বে চুৰি কৰি গৰাকীৰ পৰা ধৰা নপৰাকৈ পলাই আছিল এটা চোৰ ৷ কিন্তু এটা আপ্তবাক্য আছে নহয়- চোৰ বিদ্যা উত্তম বিদ্যা,ধৰা পৰিলে ঘাটা-ঘোটা ৷ দুবছৰ পাছত চোৰ পৰিল ফাণ্ডত ৷ কলগাছিয়াৰ দিগজানিত আটক হোৱা এই চোৰে অতি চাতুৰিৰে চুৰি কৰিছিল নিজৰ বন্ধুৰে এখন বাইক ৷ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত টিতপানী গাঁৱৰ কদ্দুছ আলী নামৰ চোৰটোৱে ডেৰ বছৰ পূৰ্বে বন্ধু স্বফিকুল ইছলামৰ বাইকখন চলাবলৈ লৈ গৈছিল ৷ পিছে বাইকখন নিলে ঠিকেই; কিন্তু ঘূৰাইহে নিদিলে৷ বাইকৰ গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি দক্ষিণ পাৰৰ মজিবৰ ৰহমান নামৰ এজন ব্যক্তিক ১৭ হাজাৰ টকাৰ বিনিময়ত বাইকখন বিক্ৰী কৰি দিছিল ৷ ইয়াৰ পাছত যোৱা দুবছৰে বন্ধুৰ পৰা পলায়ন কৰি ফুৰিছিল কদ্দুছে৷ মঙলবাৰে হঠাৎ বাইকৰ গৰাকীয়ে চোৰটোক বৰপেটা ৰোডত এখন বাহনত আহি থকা প্ৰত্যক্ষ কৰি বালিকুৰি আৰক্ষী থানাত খবৰ দিয়ে৷ ইয়াৰ পাছতে অতি তৎপৰতাৰে বালিকুৰি আৰক্ষীয়ে চোৰটোক আটক কৰিবলৈ সক্ষম হয় (Bike thief arrested) ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details