অসম

assam

ৰঙিয়াত বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠিত

ETV Bharat / videos

ৰঙিয়াত বিকশিত ভাৰত সংকল্প যাত্ৰা - Free health camp held in Rangia

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 8:11 PM IST

ৰঙিয়া, ৯ ডিচেম্বৰ:ৰঙিয়াৰ চেপ্তি নকুল গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰা । তৃতীয় দিনা ৰঙিয়াৰ চেপ্তি নকুল গাঁও পঞ্চায়ৰ পৰা আৰম্ভ হয় সংকল্প যাত্ৰা শীৰ্ষক কাৰ্যসূচী । এই সংকল্প যাত্ৰা কাৰ্যসূচীৰ মূল লক্ষ্যঃ হিচাপে কেন্দ্ৰীয় চৰকাৰে যি সমূহ আঁচনি হিতাধিকাৰীক প্ৰদান কৰিছে এই সমূহ আঁচনি হিতাধিকাৰীক সকলে লাভ কৰি কেনেদৰে উপকৃত হৈছে আৰু চৰকাৰৰ উন্নয়ন মূলক আঁচনিসমূহ ৰাইজৰ মাজত অৱগত কৰা হয় । লগতে ৰাইজৰ অভাৱ অভিযোগৰো বুজ লোৱা পৰিলক্ষিত হয় ।  

ইফালে সংকল্প যাত্ৰা কাৰ্যসূচীতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে কেইবা গৰাকীও দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকে । দৰিদ্ৰ হিতাধিকাৰীৰ পৰিবৰ্তে ধনী শ্ৰেণীৰ লোকেহে চৰকাৰৰ আঁচনিসমূহ লাভ কৰাৰ অভিযোগ উত্থাপন কৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা একাংশ হিতাধিকাৰীয়ে । অনুষ্ঠানটিত এটা বিনামূলীয়া স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হয় । আমিনগাওঁস্থিত এইমছৰ পৰা অহা এটা চিকিৎসাকৰ্মীৰ দলে স্থানীয় ৰাইজৰ ৰক্তচাপ, মধুমেহ আৰু ৰক্তহীনতাৰ পৰীক্ষা কৰি চিকিৎসা প্ৰদানৰ লগতে ঔষধ বিতৰণ কৰে ।

লগতে পঢ়ক:ধেমাজিত বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠিত

For All Latest Updates

ABOUT THE AUTHOR

...view details