অসম

assam

ETV Bharat / videos

Bihu Workshop Bongaigaon:মাণিকপুত সাতদিনীয়াকৈ বিহু প্ৰশিক্ষণ - Bihu Dance Training in Manikpur

🎬 Watch Now: Feature Video

আকাশ গোষ্ঠীৰ উদ্যোগত মাণিকপুত বিহু প্ৰশিক্ষণ

By

Published : Mar 18, 2023, 10:41 PM IST

মাণিকপুৰ, ১৮ মাৰ্চ:বঙাইগাওঁ জিলাৰ মাণিকপুৰ আকাশ গোষ্ঠীৰ উদ্যোগত সাতদিনীয়াকৈ মাণিকপুৰ অৰ্ধ সাপ্তাহিক বজাৰ গৃহত বিনামূলীয়া বিহু প্ৰশিক্ষণ শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে (Bihu Dance Training in Manikpur)। অসমৰ বাপতি সাহোন ৰঙালী বিহু সমাগত । ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত ইতিমধ্য়ে আৰম্ভ হৈছে বিহুৱতী, ঢুলীয়া আদিৰ প্ৰশিক্ষণ । এইক্ষেত্ৰত পিছ পৰি থকা নাই মাণিকপুৰ আকাশ গোষ্ঠী । আন আন বছৰৰ দৰে এইবাৰো সাতদিনীয়াকৈ আৰম্ভ কৰিছে বিহু প্ৰশিক্ষণ (Bihu Workshop at Manikpur) ।  

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰা আকাশ গোষ্ঠীৰ প্ৰয়াসত সাংস্কৃতিক প্ৰেমী ৰাইজে সহযোগিতা আগবঢ়াইছে (Bihu Dance Training at Manikpur in Bongaigaon)।  প্ৰশিক্ষণৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মুখ্য প্ৰশিক্ষক হিচাবে উপস্থিত থাকে তেজপুৰৰ  চুমকা দাস,সৰভোগৰ পৰাগ দাস, ৰণজিৎ দাস আৰু অমৰজ্যোতি দাস । চুমকা দাসে অসম চৰকাৰে দহ হাজাৰ বিহুৱতৰীৰে বিহু প্ৰদৰ্শন কৰি গিনিজ বুকত নাম সন্নিবিষ্ট কৰাৰ যি প্ৰয়াস কৰিছে তাৰ সফল কামনা কৰিছে । উল্লেখ্য় যে ১৭ মাৰ্চৰ পৰা ২৩ মাৰ্চলৈ চলিব এই বিনামূলীয়া বিহু প্ৰশিক্ষণ ।

লগতে পঢ়ক:Lecture Program Held: অসম ডাউন টাউন বিশ্ব বিদ্যালয়ত হৰি নাৰায়ণ দত্ত বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠান 

ABOUT THE AUTHOR

...view details