অসম

assam

বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা

By

Published : Mar 25, 2023, 12:02 PM IST

ETV Bharat / videos

Bihu dance workshop in Dhemaji: ধেমাজিত বিহু কৰ্মশালাত সন্তানৰ লগতে এপাক নাচিলে অভিভাৱকেও

ধেমাজি, ২৪ মাৰ্চ :বাপতি সাহোন ৰঙালী বিহুটিলৈ মাজত মাত্ৰ কেইটামান দিন বাকী (Rangali bihu celebration) । বিহুৰ প্ৰস্তুতিৰ মাজতে চৌদিশে এতিয়া বিহু কৰ্মশালাই আকাশ বতাহ মুখৰিত কৰিছে (bihu dance workshop in Assam ) ৷ নেৰানেপেৰা বৰষুণৰ ফলত চ’ত মাহতো আগমন ঘটা প্ৰচণ্ড শীতকো নেওচি বিহু অনুশীলনত ব্যস্ত হৈ পৰিছে এজাক কণমানি ৷ সন্তানৰ লগতে অভিভাৱকসকলৰো উৎসাহ দেখি আয়োজক, প্ৰশিক্ষকসকল আনন্দিত হৈ পৰিছে ৷

ধেমাজি ড্ৰেগন ক্লাৱৰ উদ্যোগত আৰু ধেমাজি জিলা বিহু সুৰক্ষা সমিতিৰ সহযোগত ধেমাজি চেঙেলী পথাৰৰ ৰাজহুৱা খেলপথাৰত আয়োজিত ৯ দিনীয়া বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাখনিৰ শুকুৰবাৰে সামৰণি পৰে (bihu dance workshop in Assam Dhemaji) ৷ কৰ্মশালাখনিৰ অন্তিম দিনা কণমানি নাচনীৰ লগতে তেওঁলোকৰ অভিভাৱকসকলেও গীত গাই কঁকাল ভাগি নাচি উদ্যোক্তাক উৎসাহিত কৰে ৷ মন কৰিবলগীয়া যে নেৰানেপেৰা বৰষুণৰ ফলত চ’ত মাহতো অনুভূত হোৱা প্ৰচণ্ড শীতৰ মাজতে দেখা গ’ল শতাধিক কণ কণ বিহুৱতীৰ লগতে অভিভাৱক আৰু অগনন বিহু প্ৰেমী দৰ্শকক ৷

ইফালে বিহু প্ৰশিক্ষকগৰাকীয়ে কণ কণ বিহুৱতী সকলক পাৰ্যমানে বিহু নৃত্যৰ তাল লয়, মুদ্ৰা সঞ্চালনা, পৰম্পৰাগত পোচাক সকলোৰে ওপৰত দৃষ্টি আবদ্ধ কৰি বিহুৱতীসকলক এই বিষয়ত অৱগত কৰিছে, যাতে তেওঁলোকে বিহু নাচক বিকৃত ৰূপত উপস্থাপন নকৰে (Bihu dance workshop in Dhemaji) ৷

আনহাতে উদ্যোক্তা তথা ড্ৰেগন ক্লাবৰ বিষয় ববীয়াৰ পৰা জানিব পৰা মতে, কেৱল বিহু কৰ্মশালাই অনুষ্ঠিত কৰা নহয়, বিভিন্ন সমাজ হিতৈষী কামৰ লগতো জড়িত তেওঁলোক । উঠি অহা যুৱক যুৱতীসকলক বিভিন্ন দিশত আগবাঢ়ি যাবলৈ বিভিন্ন সময়ত পদক্ষেপ লৈ আহিছে তেওঁলোকে । ইয়াৰ বাবে সাংস্কৃতিক অনুষ্ঠান, সাহিত্য, ক্ৰীড়া সকলো দিশ সামৰি ড্ৰেগন ক্লাৱে চেষ্টা অব্যাহত ৰাখিছে আৰু আগন্তুক দিনত ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷

লগতে পঢ়ক :Bihu dance workshop: বঙাইগাঁৱত সাতদিনীয়া বিনামূলীয়া বিহু প্ৰশিক্ষণৰ সামৰণি

ABOUT THE AUTHOR

...view details