Bihu dance workshop: কামপুৰত দহদিনীয়া বিহু নাচৰ কৰ্মশালা আৰম্ভ - Bihu dance workshop in Assam
বঢ়মপুৰ,২৫ মাৰ্চ:বাপোতি সাহোন ৰঙালী বিহুটি উলহ-মালহৰে অনুষ্ঠিত কৰিবলৈ ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যস্ততা (Rongali bihu Assam)। ৰঙালী বিহুৰ দিন চমু চাপি অহাৰ লগে লগে আকাশ বতাহ মুখৰিত কৰি ৰাজ্যৰ চৌদিশে আৰম্ভ হৈছে বিহু নাচৰ কৰ্মশালাৰ লগতে ঢোল বাদন,পেপা বাদনৰ প্ৰশিক্ষণ (Bihu dance workshop in Assam)। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে কামপুৰতো দেখিবলৈ পোৱা গৈছে একেই ব্য়স্ত পৰিবেশ ।
কামপুৰ আঞ্চলিক যুৱক সমাজৰ উদ্যোগত অনুষ্ঠিত হৈছে দহদিনীয়া বিহু নাচৰ কৰ্মশালা (Bihu dance workshop at Kampur)। নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কামপুৰত চেনেহৰ বিহুটিক আদৰিবলৈ সমনীয়াৰ লগত ককাঁল ভাঙি এপাক নাচিবলৈ ওলাই আহিছে সকলো ৷ ঢোল ,পেপাৰ মাতত মুখৰিত সমগ্ৰ কামপুৰ ৷ এই কৰ্মশালাত অঞ্চলটোৰ অৰ্ধ শতাধিক শিশু, কিশোৰী, যুৱক -যুৱতীয়ে অংশগ্ৰহণ কৰিছে ৷
লগতে পঢ়ক:Third Gender in Nalbari: অসমত তৃতীয় লিংগৰ নামত বহু পুৰুষ মহিলাই ধন সংগ্ৰহ কৰে; স্বাতী বিধান বৰুৱা