Bihu Dance Workshop: নাচনীৰ দুভৰিৰ গিৰিপনিত কঁপিছে কলাক্ষেত্ৰ - Bihu in Assam
গুৱাহাটী, ২০ মাৰ্চ: সামাজিক-সাংস্কৃতিক অনুষ্ঠান সাংস্কৃতিক মঞ্চ অসমৰ উদ্য়োগত দেওবাৰৰ পৰা এসপ্তাহ জোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰংঘৰৰ বাকৰিত আৰম্ভ হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা (Bihu Dance Workshop at Kalakshetra in Guwahati) । সাংস্কৃতিক মঞ্চ অসমৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজন কৰা এই কৰ্মশালাৰ জৰিয়তে শিক্ষাৰ্থী সকলে যাতে বিহু নাচ-ঢোল বাদনৰ সঠিক আৰু শুদ্ধ ৰূপত পৰিৱেশন কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে আযোজক সকলে (Bihu Dance Workshop) ।
শংকৰদেৱ কলাক্ষেত্ৰৰ ৰংঘৰৰ বাকৰিত ৭ দিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাৰ দেওবাৰে শুভাৰম্ভনি কৰা হয় (Bihu in Assam) । এই কৰ্মশালাত অংশগ্ৰহণ কৰে অসমৰ ভিন্ন স্থানৰ পৰা অহা দুই শতাধিক কণ কণ শিশু তথা কিশোৰীয়ে । কৰ্মশালাখনিৰ পৰিচালক হিচাপে আছে শিল্পী দ্বীপ জ্যোতি হাজৰিকা । আনহাতে কৰ্মশালাখনত মুখ্য প্ৰশিক্ষক হিচাপে আছে বিহু সম্ৰাগ্ৰী পম্পী হাজৰিকা, অসম বিহুৱা ৰূপম হাতিমুৰীয়া, জেষ্ঠ ঢুলীয়া শিল্পী সীমান্ত তামূলী আৰু বিহুৰাণী দীপিকা পাটৰ । কৰ্মশালা খনত মুখ্য উপদেষ্টা হিচাপে উপস্থিত আছে বিশিষ্ট অভিনেতা তথা সাংস্কৃতিক মঞ্চ অসমৰ সভাপতি প্ৰাঞ্জল শইকীয়া ।
লগতে পঢ়ক:Singer Nahid Afrin: কলিযুগত নিজকে শক্তিশালী কৰি ৰখাটো অতিকৈয়ে প্ৰয়োজন; নাহিদ আফ্ৰিন