অসম

assam

পূব গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত কৰ্মশালা

ETV Bharat / videos

Bihu Dance Workshop at Chandmari: মহানগৰীত ১২ দিনীয়া বিহু নাচৰ কৰ্মশালাৰ সামৰণি

By

Published : Apr 9, 2023, 10:24 PM IST

গুৱাহাটী, ৯ এপ্ৰিল:ৰঙালী বিহুলৈ মাজত মাথোঁ কেইদিনমান । ৰাজ্যৰ চৌদিশে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি (Rongali Bihu preparation in Assam) ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে গুৱাহাটী মহানগৰীতো উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । মহানগৰীৰ বিভিন্ন স্থানত বিহু নাচ, ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে । সমান্তৰালকৈ পূব গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগতো চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ১২ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে (Bihu Dance Workshop in Guwahati) ।  

ভাৰত কলা ৰত্ন বঁটা প্ৰাপক আৰু প্ৰাক্তন বিহু সম্ৰাজ্ঞী ড্ৰিমলী গগৈৰ পৰিচালনাত ২৯ মাৰ্চৰ পৰা ৯ এপ্ৰিললৈ গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা অহা ছয় শতাধিক নাচনী, ঢুলীয়াক প্ৰশিক্ষণ দিয়া হয় (Pub Guwahati Bihu sammilan) । শিশুৰ পৰা মহিলালৈকে সকলোৱে এই কৰ্মশালাত অংশ গ্ৰহণ কৰে । কৰ্মশালাখনিৰ পৰিচালিকা বিহুৰ সম্ৰাজ্ঞী ড্ৰিমলী গগৈয়ে কয় যে, বিহু সংস্কৃতিৰে জাতীয় সত্ত্বাক জীয়াই ৰাখিব পৰাৰ লগতে নৱ প্ৰজন্মক শুদ্ধৰূপত বিহুক চিনাকী কৰাই দিবলৈ প্ৰয়াস কৰা হৈছে । বিহু গীত বিহু নামৰ মাজত পাৰ্থক্য কি আছে, মঞ্চত বিহু পৰিৱেশন কেনেধৰণৰ হ'ব আৰু গছৰ তলৰ বিহু কেনেধৰণৰ হ'ব লাগে সেইখিনি ব্য়াখ্য়া কৰা বুলিও তেওঁ কয় ।

লগতে পঢ়ক:Assamese traditional instruments: লংকাত লোকবাদ্যৰ সম্ভাৰ গঢ়ি তুলিছে অনিল তালুকদাৰে

ABOUT THE AUTHOR

...view details