অসম

assam

অৰ্থ সাহায্য প্ৰদান

By

Published : Jun 30, 2023, 7:28 PM IST

ETV Bharat / videos

Bihu in Guinness world record:লখিমপুৰৰ ছয় শতাধিক অংশগ্ৰহণকাৰীয়ে পালে মাননি আৰু মানপত্ৰ

লখিমপুৰ, ৩০ জুন : বিহুৰ বিশ্ব ৰেকৰ্ডত অংশগ্ৰহণ কৰা বিহুৱা-বিহুৱতীসকলক শুকুৰবাৰে জিলাই জিলাই পূৰ্বে ঘোষিত অনুসৰি অৰ্থ সাহায্য প্ৰদান কৰা হয় । লখিমপুৰত এই সাহায্য ৰাশি বিতৰণ কৰে জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই ।

বিশ্ব ৰেকৰ্ড গঢ়ি থৈছে অসমৰ বিহুৱে । ৰাজ্য চৰকাৰৰ উদ্যোগত বিশ্ব ৰেকৰ্ড গঢ়িবলৈ অনুষ্ঠিত কৰা বিহুত অংশগ্ৰহণ কৰা বিহুৱা-বিহুৱতী সকলক অৰ্থ সাহায্যৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে । সেই মৰ্মে শুকুৰবাৰে গুৱাহাটীকে ধৰি ৰাজ্যৰ জিলাই জিলাই চৰকাৰৰ উদ্যোগত সাহায্য প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ।

লখিমপুৰত এই সাহায্য প্ৰদান কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই । লখিমপুৰ কলেজৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এই অনুষ্ঠানত জিলা খনৰ ৬৯৯ জন বিহুৱা-বিহুৱতীক ২৫ হেজাৰকৈ টকাৰ সাহায্য প্ৰদান কৰে মন্ত্ৰীজনে । চুইচ টিপি বেংকৰ পৰা তেওঁলোকৰ একাউন্টলৈ এই টকা সুমুৱাৰ শুভাৰম্ভ কৰে অতুল বৰাই । অনুষ্ঠানটো উদ্বোধন কৰে জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱানে ।

চৰকাৰৰ অৰ্থ সাহায্য লাভ কৰি উৎফুল্লিত হৈ পৰে বিহুৱা-বিহুৱতীসকল । তেওঁলোকক দুখনকৈ মানপত্ৰও প্ৰদান কৰা হয় অনুষ্ঠানটোত । মন্ত্ৰী বৰাই বিহুৱা-বিহুৱতীসকলক সাংস্কৃতিক যুঁজাৰু বুলি অভিহিত কৰি শলাগ লয় ।

লগতে পঢ়ক :Bihu in Guinness world record:বিহুনৃত্যৰে বিশ্ব অভিলেখ গঢ়া শিল্পী সকলক প্ৰমাণ পত্ৰ আৰু মাননি প্ৰদান

ABOUT THE AUTHOR

...view details