অসম

assam

Exceptional step of Makum Rangali Bihu Committee:ৰঙালী বিহু সন্মিলনৰ ৰাহি ধনেৰে এম্বুলেঞ্চ সেৱা মুকলি

By

Published : Jun 19, 2023, 12:58 PM IST

বৃহত্তৰ মাকুম পথাৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন

তিনিচুকীয়া, ১৯ জুন: সমাজলৈ আদৰ্শ বাৰ্তা কঢ়িয়াই দেওবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বৃহত্তৰ মাকুম পথাৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন ২০২৩ ৰ তৰফৰ পৰা জনসাধাৰণৰ সেৱাৰ্থে এখন এম্বুলেঞ্চ সেৱা আগবঢ়াই । মাৰ্ঘেৰিটা মাকুম পথাৰ পাইনিয়াৰ খেলপথাৰত অনুষ্ঠিত  ৰঙালী বিহু উদযাপন সমিতিৰ ৰাহি হোৱা ধনেৰে মাৰুতি ইক’ বাহনৰ এখনি এম্বুলেঞ্চ ক্ৰয় কৰি  বৃহত্তৰ মাকুম পথাৰবসীৰ লগতে মাৰ্ঘেৰিটাৰ জনসাধাৰণৰ বাবে এই সেৱা মুকলি কৰা হয় ।  

এই উপলক্ষে মাৰ্ঘেৰিটা পাইনিয়াৰ খেল পথাৰত সঞ্জীৱ বড়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক পাপু দত্তই। এই সভাতেই বিশিষ্ট উদ্যোপতি এছ কে চবৌ, বিশিষ্ট সমাজকৰ্মী জ্যোতিষ ৰায়, ভকত শৰৎ গগৈ, সূৰ্য গগৈ, শিক্ষয়িত্ৰী এলিনা বেগমৰ লগতে কেইবাজনো ব্যক্তি উপস্থিত থাকে । মুকলি সভাৰ পাছতেই মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ কে চি দাসে ৰাইজৰ বাবে এম্বুলেঞ্চ সেৱা মুকলি কৰে  তেওঁ বিহু উদযাপন সমিতিয়ে গ্ৰহণ কৰা এই সিদ্ধান্তক অঞ্চলবাসীয়ে প্ৰশংসা কৰিছে ।

লগতে পঢ়ক:Flood in Assam : নলবাৰীত মৰাপাগলাদিয়াৰ বান্ধ ছিগি বানে চলালে ধ্বংসলীলা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details