অসম

assam

ETV Bharat / videos

Assam Pradesh Journalists Association: বঙাইগাঁৱত অসম প্ৰদেশ সাংবাদিক সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন - 9 members committee in Bongaigaon

By

Published : Jan 30, 2023, 4:08 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

বঙাইগাঁও, 30 জানুৱাৰী: বঙাইগাঁও জিলাৰ মাণিকপুৰ আঞ্চলিক পুথিভঁৰালৰ কক্ষত দেওবাৰে অসম প্ৰদেশ সাংবাদিক সন্থাৰ (Assam Pradesh Journalists Association) জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয় (Biennial session of Assam Pradesh Journalists Association)। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সভাখনত সভাপতিত্ব কৰে আব্দুল ছোবাহান আলীয়ে । এই সভাত বঙাইগাঁও জিলাৰ বহু সংখ্যক জ্যেষ্ঠ সাংবাদিক উপস্থিত থকাৰ উপৰিও অসম প্ৰদেশ সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সভাপতি কুঞ্জ মোহন ৰায় উপস্থিত থাকি অনুষ্ঠানটো সুপৰিকল্পিত ভাবে পৰিচালনা কৰে ।  

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পুৰণা সমিতি ভংগ কৰি নতুনকৈ 9 জনীয়া এক কমিটি গঠন কৰে (9 members committee in Bongaigaon)৷  এই ন জনীয়া সমিতিত প্ৰণৱ কুমাৰ ডেকাক সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে , ৰফিকুল ইছলামক সম্পাদক, ৰফিক আলমক সহঃ সম্পাদক হিচাপে এক শক্তিশালী জিলা সমিতি গঠন কৰে । ইয়াৰোপৰি এই অনুষ্ঠানত আগন্তুক বঙাইগাঁও কেন্দ্ৰীয় অধিৱেশনৰ উপলক্ষে বিতংভাৱে আলোচনা কৰি কিছু গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷  

এই নজনীয়া কমিটীৰ মূল লক্ষ্য হৈছে সাংবাদিকসকলৰ সমস্যা নিৰ্মূলকৰণ কৰা, নিৰাপত্তা দিয়া, সাংবাদিকসকলৰ হকে কাম কৰা ৷ আগন্তুক দিনত সাংবাদিক সন্থাক আগুৱাই নিবলৈ নতুন পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে নৱনিৰ্বাচিত সভাপতি প্ৰণৱ কুমাৰ ডেকাই (President Pranab Kumar Deka) ৷  

উল্লেখ্য যে বহুসময়ত আমি সাংবাদিকসকল নিৰাপত্তাহীনতাত ভুগাৰ বাতৰি পৰিলক্ষিত কৰি আহিছো (Protection of Journalists)  ৷ গতিকে বৰ্তমান সময়ত সাংবাদিকসকলৰ সুৰক্ষা এক বিচাৰ্য বিষয় হৈ পৰিছে ৷ সাংবাদিকসকলৰ জীৱনৰ নিৰাপত্তাৰ হকে পদক্ষেপ ল’ব বুলি অনুষ্ঠানটিত উপস্থিত সাংবাদিকসকলে যথেষ্ট আশা প্ৰকাশ কৰিছে ৷ 

লগতে পঢ়ক:All Assam Poets Conference: সদৌ অসম কবি সন্মিলনৰ অধিবেশনত বিশিষ্ট ব্য়ক্তিক সম্বৰ্ধনা

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details