অসম

assam

ব্যতিক্ৰমীভাৱে টিংখাঙত সুধাকণ্ঠৰ জন্মদিন উদযাপন

ETV Bharat / videos

Bhupen Hazarika 97th birthday: ব্যতিক্ৰমীৰূপত টিংখাঙত সুধাকণ্ঠৰ জন্মদিন উদযাপন - Tribute to Bhupen Hazarika

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 9:33 PM IST

টিংখাং,৮ ছেপ্টেম্বৰ: আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক ওপজা দিন । টিংখাং মহাবিদ্যালয়ত কিছু ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হয় ভূপেন হাজৰিকাৰ জন্ম দিৱসটি । টিংখাং মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু অসমীয়া সাহিত্য সন্মিলনীৰ যৌথ উদ্যোগত তথা টিংখাং মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ, শিক্ষক গোট আৰু অসম কলেজ শিক্ষক সন্থাৰ ডিব্ৰুগড় মণ্ডলৰ সহযোগত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী উপলক্ষে এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাৰ আয়োজন কৰা হয় ।

কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ দিলীপ বৰাই "ভূপেন হাজৰিকাৰ গীত আৰু ৰচনাত সমাজ বাস্তৱতা" শীৰ্ষক বক্তৃতানুষ্ঠানত এক মননশীল বক্তব্য আগবঢ়ায় । আনহাতে সমল ব্যক্তি হিচাপে উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ অনুৰাধা শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ভাস্কৰ ভূঞাই "ইণ্টাৰনেটত অসমীয়া ভাষাৰ ব্যৱহাৰিক প্ৰয়োগ আৰু ইয়াৰ প্ৰাসংগিকতা" শীৰ্ষক গৱেষণালব্ধ পৰ্যালোচনা আগবঢ়ায় ।  

লগতে পঢ়ক:Bhupen Hazarika book launche : পাচিঘাটত উন্মোচন ভূপেন হাজৰিকা গ্ৰন্থৰ তৃতীয় সংস্কৰণ

ABOUT THE AUTHOR

...view details