Zubeen Garg controversy: লুৰীণজ্যোতি গগৈ এটা স্থিতিত থকা মানুহ; ভূপেন বৰা - জুবিন গাৰ্গ
Published : Aug 29, 2023, 3:14 PM IST
মৰাণ, 29 আগষ্ট : শেহতীয়াকৈ জুবিন গাৰ্গে অসম জাতীয় পৰিষদক এটা ফটুৱা দল বুলি কৰা মন্তব্যই এতিয়া আন এক বিতৰ্কৰ সূচনা কৰিছে ৷ তাৰ পিচতেই কেইবাজনো ৰাজনৈতিক নেতাই এই বিষয়টো সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ মঙলবাৰে এই বিষয়টোত মুখ খুলিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ ডিব্ৰুগড় ৰাজীৱ ভৱনত সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ প্ৰতি সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হ’ল ৷
"জুবিন গাৰ্গে এটা সময়ত বিজেপি দলক কটু ভাষাৰে সমালোচনা কৰিছিল ৷ স্মৃতিশক্তি থকা সকলে আমি কোনেও নাই পাহৰা ৷ কা আন্দোলনৰ সময়ত তেখেতৰ ভূমিকা মই পাহৰিব নোৱাৰোঁ ৷ জুবিন গাৰ্গে এটা সময়ত কৈছিল, মই ৰাজনৈতিক নেতাৰ কথা নকওঁ, মই ৰাজনীতিত নোসোমাওঁ ৷ মই লুৰীণজ্যোতি ডাঙৰীয়াৰ কথা এষাৰেই ক’ব বিচাৰিছো যে, তেখেতে এটা স্থিতিতেই আছে, তেখেতে স্থিতি সলোৱা নাই ৷ লুৰীণজ্যোতিয়ে যদি স্থিতি সলনি নকৰাটো এটা অপৰাধ, তেনেহ’লে সেই অপৰাধ লুৰীণজ্যোতি ডাঙৰীয়াই হাজাৰবাৰ কৰক ৷" অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই মন্তব্য প্ৰকাশ কৰে ৷
সোমবাৰে সন্ধিয়া কটন মহাবিদ্যালয়ত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি জুবিন গাৰ্গে অসম জাতীয় পৰিষদ এটা ফটুৱা পাৰ্টী বুলি মন্তব্য প্ৰকাশ কৰাৰ পিচতে ৰাজনৈতি মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পিচতে সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভূপেন বৰাই ৷