অসম

assam

Bhupen Bora to BJP: কংগ্ৰেছৰ অফিচটো দেখিবলৈ বেয়া কিন্তু মানুহবিলাকৰ অন্তৰ ভাল; ভূপেন বৰা

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 7:51 AM IST

Updated : Sep 1, 2023, 8:05 AM IST

বিজেপি নেতাৰ মন্তব্যক সমালোচনা ভূপেন বৰাৰ

ডিব্ৰুগড়, 1 ছেপ্তেম্বৰ: কংগ্ৰেছে বহু বছৰ চৰকাৰ চলোৱাৰ পিচতো নিজৰ কাৰ্যালয়টো নিৰ্মাণ কৰিব নোৱাৰিলে বুলি কংগ্ৰেছৰ কাৰ্যালয় সন্দৰ্ভত বিজেপি নেতাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । এই প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, "আমি কাৰ্যালয় বনাব নোৱাৰিলো, কিন্তু য'ত আহি মোডী ডাঙৰীয়াই বিহু চাইছিল সেই ষ্টেডিয়াম আমি বনাইছিলো ।"  

ইয়াৰোপৰি বৰাই কয়, "বন্দে ভাৰত ৰেল যিখন দলঙৰ ওপৰেৰে গৈছে সেইখন দলং আমি সাজিছোঁ । যিখন দলঙৰ ওপৰেৰে তেজপুৰৰ ফালে বিজেপি নেতা যায় সেইখন আমি বনাইছো । যিকেইখন মেডিকেল কলেজৰ ফিটা কাটিছে, সেইকেইখন আমিয়েই নিৰ্মাণ কৰা ।"

বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ সভাপতিগৰাকীয়ে পুনৰ কয়, " আমাৰ অফিচৰ পৰা দুৰ্গন্ধ নোলায় । আমাৰ কৰ্মীয়ে টিভিৰ আগত অফিচৰ ওপৰ মহলাৰ কথা ক’ব লগা হোৱা নাই ৷ কংগ্ৰেছ চৰকাৰে আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব প্ৰদান কৰিছিল অফিচ বনোৱাত গুৰুত্ব দিয়া নাছিল । কংগ্ৰেছৰ অফিচটো দেখিবলৈ বেয়া কিন্তু মানুহবিলাকৰ অন্তৰ ভাল ।"

লগতে পঢ়ক: Assam BJP in Controversy: সন্ধিয়াৰ পিছত মহিলাৰ প্ৰৱেশ নিষিদ্ধ হ’ব পঞ্চতাৰকা সদৃশ বিজেপি কাৰ্যালয়ত!

Last Updated : Sep 1, 2023, 8:05 AM IST

ABOUT THE AUTHOR

...view details