অসম

assam

নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন মনজিৎ মহন্ত

ETV Bharat / videos

Congress leader Manjit Mahanta : নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন মনজিৎ মহন্তৰ স্বাস্থ্যৰ বুজ ল’লে ভূপেন বৰাই - প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

By

Published : Jun 28, 2023, 2:20 PM IST

গুৱাহাটী, 28 জুন : গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত ৷ বুধবাৰে মহন্তৰ স্বাস্থ্যৰ বুজ লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । ইয়াৰ পূৰ্বে দুবাৰকৈ হাস্পতালত উপস্থিত হৈ ভূপেন বৰাই দলীয় নেতাগৰাকীৰ স্বাস্থ্যৰ বুজ লৈছিল বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে । 

অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা মনজিৎ মহন্তৰ স্বাস্থ্যৰ বুজ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে দলৰ তৰফৰ পৰা তেওঁলৈ চিকিৎসাৰ বাবে 2 লাখ টকা আগবঢ়ায় । লগতে অনাগত সময়ত প্ৰদেশ কংগ্ৰেছে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি পৰিয়ালৰ লোকক আশ্বাস প্ৰদান কৰে । বিগত 14 দিন ধৰি মনজিৎ মহন্ত চিকিৎসাধীন হৈ আছে । চিকিৎসকে জনোৱা মতে বৰ্তমান মনজিৎ মহন্তৰ অৱস্থা অতি সংকটজনক । হৃদৰোগত আক্ৰান্ত হোৱাৰ পিচত মনজিৎ মহন্তক 72 ঘণ্টাৰ পৰ্যবেক্ষণত ৰখা হৈছে বুলি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।  

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগত হাস্পতালত উপস্থিত থাকে দলৰ জ্যেষ্ঠ মুখপাত্ৰ মেহদি আলম বৰা, প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যমৰ অধ্যক্ষ ৰাতুল কলিতা, সম্পাদক জিন্টু হাজৰিকাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা । 

লগতে পঢ়ক :Constituency Delimitation 2023 : লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে 12 ঘন্টীয়া বন্ধ

ABOUT THE AUTHOR

...view details