অসম

assam

দৈ, ক্ৰীমেৰে উভৈনদী হৈ পৰিছে যোৰহাটৰ বজাৰ

ETV Bharat / videos

জাঁজীমুখৰ মিঠা দৈৰে উভৈনদী হৈ পৰিছে যোৰহাটৰ বজাৰ - Bhogali Bihu 2024

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 5:08 PM IST

যোৰহাট,১৪ জানুৱাৰী: আজি উৰুকা । উৰুকাৰ নিশাটোত লগে-ভাগে এসাঁজ খাবৰ বাবে সকলো ব্যস্ত হৈ পৰিছে জা-যোগাৰ কৰাত । বিধে বিধে সামগ্ৰীৰে উভৈনদী হৈ পৰিছে ৰাজ্য়ৰ বজাৰ । পুৱাতেই মাছৰ বজাৰত ভিৰ কৰে অগণন জনতাই গ্ৰাহকৰ ভিৰ দেখি সন্তুষ্টি লাভ কৰিছে ব্যৱসায়ীসকলে । অন্যা সামগ্ৰীৰ দৰে বিহুত অপৰিহাৰ্য দৈ, ক্ৰীম আৰু চিৰা, পিঠা-পনা আদি সামগ্ৰীৰেও ভৰি পৰিছে বজাসমূহ ।  

ব্যতিক্ৰম নহয় যোৰহাট । আজি যোৰহাট বজাৰত সমগ্ৰ ৰাজ্যতে জনপ্ৰিয় জাঁজীমুখৰ দৈ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা সুস্বাদু ক্ৰীমেৰে ভৰি পৰিছে । দৈ, ক্ৰীম ক্ৰয় কৰিবৰ বাবে পুৱাৰ ভাগৰ পৰাই গ্ৰাহকৰ ব্যাপক হাৰত ভিৰ পৰিলক্ষিত হৈছে । গ্ৰাহকৰ ভিৰ তথা সঁহাৰি দেখি মুখত সন্তুষ্টিৰ হাঁহি দেখিবলৈ পোৱা গৈছে ব্যৱসায়ীসকলৰ মাজত । যেন ভোগালীক আদৰিবলৈ কোনো ধৰণৰ ক্ৰটি কৰা নাই প্ৰত্যকজন অসমীয়াই । 

লগতে পঢ়ক:আজি উৰুকা: সৰুপথাৰৰ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ

ABOUT THE AUTHOR

...view details