অসম

assam

সত্ৰনগৰী বৰপেটাত ভোগালীৰ প্ৰস্তুতি

ETV Bharat / videos

বৰপেটাত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি - ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 2:07 PM IST

Updated : Jan 12, 2024, 2:25 PM IST

বৰপেটা, ১২ জানুৱাৰী :ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৷ অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক লৈ ব্যস্ততাৰ অন্ত নাই চহা ৰাইজৰ মাজত । ৰাজ্যৰ গাঁৱে-ভূঞে চলিছে এতিয়া মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ বৰপেটাতো এতিয়া সীমাহীন ব্যস্ততা । তিলপিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু সাজু কৰিছে মহিলাসকলে । ইয়াৰ মাজতে বৰপেটা চহৰৰ নাৰায়ণপুৰৰ এগৰাকী উদ্য়মী মহিলাই ডায়েবেটিক ৰোগী সকলৰ বাবে প্ৰস্তুত কৰিছে ছুগাৰ ফ্ৰী পিঠা ।

সত্ৰনগৰী বৰপেটা চহৰৰ নাৰায়ণপুৰৰ নিৰ্মালী দাসে আৰম্ভ কৰিছে ব্যৱসায়িক ভিত্তিত পিঠা-পনা আৰু লাড়ু প্ৰস্তুতৰ কৰা কাম । নিৰ্মালী দাসে নিজ বাসগৃহতে ৩০ গৰাকী যুৱতী, বোৱাৰী, মহিলাক লৈ দিনে-নিশাই ভোগালী বিহুৰ বাবে পিঠা, লাৰু, সান্দহ আদি প্ৰস্ততৰ কাম আৰম্ভ কৰিছে । তেওঁ ভোগালী বিহুৰ বাবে নাৰিকলৰ পিঠা, নাৰিকলৰ লাড়ু, তিলৰ পিঠা, তিলৰ লাড়ু, চিৰাৰ লাড়ু, চুঙা পিঠা, সান্দহ গুৰি আদি প্ৰস্তুত কৰি বিক্ৰীৰ বাবে মুকলি কৰিছে ।

এই প্ৰসংগত মহিলাগৰাকীয়ে উল্লেখ কৰা মতে, এইবাৰ ভোগালীৰ বতৰত প্ৰায় ৮০ কুইণ্টল বৰা চাউলৰ পিঠা, লাৰু,সান্দহ প্ৰস্তুতৰ লক্ষ্য লৈছে ৷ ইতিমধ্যে নিৰ্মালী দাসে প্ৰস্তুত কৰা পিঠা-পনা,লাৰু,সান্দহ আদিয়ে বৰপেটাৰ লগতে গুৱাহাটী,নলবাৰী,বঙাইগাঁও,চিৰাং,বাক্সা আদি জিলাৰ গ্ৰাহকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ কথাও প্ৰকাশ কৰে মহিলা গৰাকীয়ে ৷ ইপিনে, ডায়েবেটিক ৰোগী সকলৰ বাবেও এইবাৰ ছুগাৰ ফ্ৰী পিঠা প্ৰস্তুত কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে নিৰ্মালী দাসে ৷ 

লগতে পঢ়ক:ভোগালীক আদৰিবলৈ সাজু চেপনবাসী

Last Updated : Jan 12, 2024, 2:25 PM IST

ABOUT THE AUTHOR

...view details