অসম

assam

মাণিকপুৰত ভোগালী বিহু

ETV Bharat / videos

মাণিকপুৰত উলহ-মালহেৰে পালিত হ’ল ভোগালী বিহু

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 1:42 PM IST

মাণিকপুৰ, 19 জানুৱাৰী : ভোগালী বিহুৰ আনন্দ উৎসাহ উদ্দীপনাত ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী সকলো মতলীয়া হৈ পৰিছে । কোনোবাই গাইছে বিহুগীত আৰু আন কোনোবাই গীতৰ তালে তালে কঁকাল ভাগি ভাগি বিহু নাচিছে । উজনিৰ পৰা নামনিলৈ চলিছে ভোগালীৰ আয়োজন । সেই একেই পৰিৱেশ আজি 3 মাঘৰ দিনাখন দেখা গ’ল বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত অদলাগুৰী গাঁৱত ।

অদলাগুৰী গাঁৱৰ পূৱ পাৰাৰ লোকসকলে বাৰামাৰি খেলপথাৰত বিগত বছৰসমূহৰ দৰে এইবছৰও মাঘ মাহৰ 3 তাৰিখৰ দিনাখন ভোগালী বিহুৰ মহা আয়োজন কৰা দেখা গৈছে । দিনযোৰা বিভিন্ন কাৰ্যসূচীৰ ভিতৰত পতাকা উত্তোলন, মেজিত জুই দিয়া পৰ্ব, ভাগৱত পাঠ, আমন্ত্ৰিত আইসকলৰ দ্বাৰা নাম পৰিবেশন, সমূহীয়াভাৱে প্ৰীতিভোজ আৰু আবেলি পুনৰ মেজিত জুই দিয়া পৰ্ব আদি পালন কৰা পৰিলক্ষিত হয় ।

এই বিশেষ ভোগালীৰ মহা আয়োজনত দেখিবলৈ পোৱা যায় আটক ধুনীয়া বাঁহৰ চাংঘৰৰ লগতে 101 খন গামোচাৰে সৈতে এক বিশেষ আটকধুনীয়া পৰিৱেশ ৷ লগতে অসমীয়া সমাজৰ লগত জড়িত কিছুমান পুৰণি সঁজুলিৰ এক প্ৰদর্শন ।

লগতে পঢ়ক :অসমবাসীলৈ বিধায়ক ফণীভূষণ চৌধুৰীৰ বিহুৰ শুভেচ্ছা

ABOUT THE AUTHOR

...view details