অসম

assam

BJP bike rally in Nalbari: মোৰ মাটি মোৰ দেশ ধ্বনিৰে নলবাৰীত বিজেপিৰ বাইক ৰেলি

By

Published : Aug 13, 2023, 7:36 PM IST

ভাৰতীয় জনতা যুৱ মৰ্চা

নলবাৰী, ১৩ আগষ্ট:দেশৰ ৭৭ তম্ স্বাধীনতা দিৱসলৈ মাজত আৰু এটা দিন বাকী । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঠায়ে ঠায়ে আয়োজন কৰা হৈছে দেশপ্ৰেমমূলক অনুষ্ঠানৰ । ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে নলবাৰীতো সৰ্বত্ৰে দেখা গৈছে স্বাধীন ভাৰতৰ জয়গান ধ্বনি ।

আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ নিৰ্দেশ মৰ্মে "মোৰ মাটি মোৰ দেশ" অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চাৰ নলবাৰী জিলাৰ সদস্যসকলে এক বাইক ৰেলি উলিয়াই । নলবাৰী চহৰৰ গৰ্ডন স্কুল খেলপথাৰৰ পৰা এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰা হয় । উক্ত কাৰ্যসূচী উদ্বোধন কৰে নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে। গৰ্ডন স্কুলৰ পৰা উলিওৱা এই যাত্ৰাটোত বিজেপিৰ শ শ যুৱ মৰ্চাৰ সদস্যই নলবাৰী চহৰৰ প্ৰতিটো পথেৰে দেশপ্ৰেমমূলক শ্লোগানেৰে সমদল উলিয়াই ।  

লগতে পঢ়ক:Jatiya Mohila Sakti: মুখ্যমন্ত্ৰী পত্নীৰ ব্যৱসায়িক স্বাৰ্থতে আৰ্টফেড বন্ধৰ ষড়যন্ত্ৰ নেকি; প্ৰশ্ন জাতীয় মহিলা শক্তিৰ

ABOUT THE AUTHOR

...view details