Bhaona preparation: ভাওনাৰ আখৰাত ব্যস্ত ঢকুৱাখনাৰ বিএড মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী - ভাওনাৰ আখৰাত ব্যস্ত ঢকুৱাখনাৰ বিএড মহাবিদ্যালয়
Published : Oct 1, 2023, 7:31 PM IST
ঢকুৱাখনা, ১ অক্টোবৰ: এক ব্যতিক্ৰমী ৰূপত এখন মহাবিদ্যালয়ৰ এদল ছাত্ৰ-ছাত্ৰী ৷ শ্ৰেণীকোঠাত পাঠদান নহয়, গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাৰ সৈতে পৰিচয় এদল শিক্ষাৰ্থীক । শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহি গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাৰ আখৰাত দিনে নিশাই ব্যস্ত ঢকুৱাখনাৰ বিএড মহাবিদ্যালয়ৰ এইসকল প্ৰশিক্ষাৰ্থী ৷ খোল বাদ্যৰ তালে তালে প্ৰৱেশ কৰি আখৈ ফুটাদি ফুটি উঠিছে প্ৰশিক্ষাৰ্থীসকলৰ মুখত বিভিন্ন চৰিত্ৰৰ বচন ৷
সাহস আৰু অফুৰন্ত আত্মবিশ্বাসক সংগী কৰি শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহিছে ঢকুৱাখনাৰ বিএড মহাবিদ্যালয়ৰ এইসকল প্ৰশিক্ষাৰ্থী । গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাক জীয়াই ৰখাৰ উদ্দেশ্যে মহাবিদ্যালয়খনে দুবছৰৰ মূৰে মূৰে আয়োজন কৰি আহিছে ভাওনা ৷ অহা ৮ অক্টোবৰত মহাবিদ্যালয়খনত প্ৰদৰ্শিত হ'ব 'পৰশুৰামৰ গুৰুদক্ষিণা সহস্রার্জুন বধ' শীৰ্ষক ভাওনা ৷ যাৰ বাবে প্ৰশিক্ষাৰ্থীসকলে চলাইছে ভাওনাৰ আখৰা ।
দিন ৰাতি একাকাৰ কৰি বিষ্ণু লক্ষ্মী, পৰশুৰাম,পাৰ্বতী, যমদগ্নি, দৈত্য আদি বিভিন্ন চৰিত্ৰত অভিনয় কৰি আখৰাস্থলীত ব্যস্ত হৈ পৰিছে ঢকুৱাখনাৰ বিএড মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকল ৷
লগতে পঢ়ক:Ek Tarikh Ek Ghanta EK Sath: ডিফুত হাতত ঝাড়ুু লৈ স্বচ্ছ অভিযানত পদ্মশ্ৰী ৰংবং তেৰাং