অসম

assam

কলিয়াাবৰত শিশুৰ দ্বাৰা চোৰধৰা ঝুমুৰা প্ৰদৰ্শন

ETV Bharat / videos

Children Bhaona in Kaliabor: কলিয়াাবৰত শিশুৰ দ্বাৰা চোৰধৰা ঝুমুৰা প্ৰদৰ্শন - Naam Kirtan arranged in various namghars

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 4:17 PM IST

কলিয়াবৰ,৬ ছেপ্টেম্বৰ: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত কলিয়াবৰ জিলা শাখাৰ ব্যৱস্থাপনাত দুদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰৰ দাৰিগজীস্থিত শংকৰী সংস্কৃতি কেন্দ্ৰত কেন্দ্ৰীয় শিশু কল্যাণ দিৱস উপলক্ষে পৰিৱেশন কৰে শ্ৰীমাধৱদেৱ বিৰচিত 'চোৰধৰা' ঝুমুৰা । মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত চোৰ ধৰা ঝুমুৰাত শিশু সকলে মুগ্ধ কৰি ৰাখে দৰ্শকক ।  

শিশুসকলৰ নৃত‍্য-অভিনয়ে উপস্থিত দৰ্শকক শিশু কৃষ্ণৰ শিশুলীলাৰ বাৰুকৈয়ে সোৱাদ দিবলৈ সক্ষম হয় । গকুলত শিশু কৃষ্ণৰ অপূৰ্ব লীলাই গোটেই গকুলবাসীকে মোহিত কৰি ৰাখিছে । তাৰ মাজতে শিশু কৃষ্ণৰ দুষ্টামীয়ে অশান্তি নকৰাও নহয় । তেনে এক কাহিনীৰে 'চোৰধৰা' ঝুমুৰাৰ কাহিনীভাগ । শূণ্যগৃহ দেখি লৱণু চুৰি কৰিবলৈ গৈ শিশুকৃষ্ণই গোৱালিনীৰ হাতত ধৰা পৰে ।  

সাৰিবৰ উপায় নেদেখি ছেগ বুজি কৃষ্ণই লগৰ গৰখীয়া ল'ৰা কেইজনমানক মাতি আনি তেওঁক মিছাকৈ চোৰধৰা বুলি কৈ গোপীহঁতৰ ওপৰতহে তেওঁলোকে ওলোটাই গালি বৰষিব ধৰিলে । ইপিনে বহুত পৰলৈ কৃষ্ণ ঘৰলৈ উভতি নহা দেখি যশোদাই ব্যাকুল হৈ যমুনাৰ পাৰে পাৰে বিচাৰি চলাথ কৰে । শেষত এগৰাকী গোপীয়ে তেওঁক দেখা বুলি কৈ যশোদাক সেই ঠাইলৈ লৈ যায় । কৃষ্ণক দেখি যশোদাৰ হৃদয় শাঁত পৰে । তেওঁ কৃষ্ণক কোলাত তুলি লয় । কৃষ্ণই মাকৰ স্তন পান কৰি কান্দি কান্দি গোৱালিনীৰ বিৰুদ্ধে কথা লগাই মাকৰ হতুৱাই গোৱালিনীসকলক গালি খুৱাই ।  

লগতে পঢ়ক:Rhino body recovered: হাদুক বিলত উদ্ধাৰ গঁড়ৰ মৃতদেহ

ABOUT THE AUTHOR

...view details