অসম

assam

ভাওনা প্ৰদৰ্শন

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 7:42 PM IST

ETV Bharat / videos

Sankar Janmotsav:মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে জোনাইত ভাওনা প্ৰদৰ্শন

জোনাই, 26 ছেপ্টেম্বৰ :ধেমাজি জিলাৰ জোনাই মহকুমাৰ অসম-অৰুণাচল সীমান্তৰ চিমেন চাপৰিত চিমেন চাপৰি আঞ্চলিক বৰনামঘৰ পৰিচালনা সমিতি আৰু শ্ৰীমন্ত শংকৰদেৱে সংঘ, চিমেন চাপৰি আঞ্চলিক শাখাৰ যৌথ উদ্যোগৰ লগতে বৃহত্তৰ চিমেন চাপৰি অঞ্চলবাসীৰ সহযোগত ৬ আৰু ৭ আহিন (ইংৰাজী ২৪ আৰু ২৫) তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয় ৷ দ্বিতীয় তথা অন্তিম নিশাৰ কাৰ্যসূচী মতে ‘গজকেতুৰ উপাখ্যান: ধৃতৰাষ্ট্ৰ দিগ্বীজয়, তিসিৰাসুৰ বধ’ ভাওনা প্ৰদৰ্শন কৰা হয় ৷ ভাওনাৰ নিশা উক্ত অঞ্চল লোকে লোকাৰণ্য হৈ পৰে ৷

উল্লেখ্য যে, উক্ত ভাওনাৰ দাতা আছিল এসময়ৰ সদৌ অসম নামঘৰ সমন্বয় সমিতিৰ সভাপতি ডিব্ৰুগড়ৰ নিবাসী বিশিষ্ট সমাজকৰ্মী প্ৰয়াত থানেশ্বৰ বৰাৰ সুযোগ্য সন্তান তথা বিশিষ্ট ব্যবসায়ী কিশোৰ বৰাৰ লগতে পৰিয়ালবৰ্গ ৷ উক্ত অনুষ্ঠানলৈ কিশোৰ বৰাক আমন্ত্ৰণ জনোৱা হৈছিল যদিও বিশেষ কাৰণত উপস্থিত থাকিব নোৱাৰা হেতুকে তেখেতৰ জ্যেষ্ঠ ভগ্নী আৰু পৰিয়ালবৰ্গ উপস্থিত থাকি ভাওনা উপভোগ কৰে ৷

লগতে পঢ়ক :Birth anniversary of Srimanta Sankardeva:চিলাপথাৰত মহিলাৰদ্বাৰা প্ৰদৰ্শিত ভাওনা চাবলৈ ভিৰ অসংখ্য লোকৰ

ABOUT THE AUTHOR

...view details