অসম

assam

ভাদমাহ উপলক্ষে আউনীআটী সত্ৰত আজিৰে পৰা আৰম্ভ ভাগৱত ব্যাখ্যা আৰু পালনাম

By

Published : Aug 18, 2022, 7:19 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

আজি পহিলা ভাদ (Frist day of Vado month)। অসমীয়া সমাজৰ পৱিত্ৰ মাহ হিচাপে বিবেচিত হৈ আহিছে ভাদ মাহ । দুয়োজনা গুৰুৰ মহাপ্ৰয়াণ ঘটিছিল এই পৱিত্ৰ ভাদ মাহতেই । ভগৱান কৃষ্ণ উপজিছিল ভাদ মাহতেই । সেই লৈ ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত আজি পুৱাৰে পৰাই হৰি নামৰ ধ্বনি উদভাষিত হৈ উঠিছে । টীয়কৰ কলীয়াপানীস্থিত শ্ৰীশ্ৰী আউনীআটী সত্ৰতো মাহযোৰাকৈ আজিৰে পৰা আৰম্ভ হৈছে ভাগৱত ব্যাখ্যা আৰু পালনাম (Bhagawat path and Palanam begins at Sri Sri Auniati Satra) । এইবাৰ ভাদমাহত কেইবা লাখ ভকতৰ সমাগম ঘটিব বুলি আশা প্ৰকাশ কৰিছে সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱগোস্বামীয়ে । ইপিনে বিগত বৰ্ষৰ দৰে এইবাৰো ভাদমাহত কেইবাগৰাকী স্বনামধন্য লোকক সত্ৰৰ নিৰ্মালিৰে বিভূষিত কৰিব আউনীআটী সত্ৰই । এইবাৰ কণ্ঠ শিল্পী খগেন গগৈক কণ্ঠ শিৰোমণি, বিপুল চেতিয়া ফুকনক কণ্ঠ সুধামৃত, লোকশিল্পী কৈলাশ তালুকদাৰলৈ নেগাৰা নাম শিৰোমণি আৰু ১৮০০ শ্লোকৰ অনুবাদক যোৰহাটৰ বিনন্দ শৰ্মা পূজাৰীলৈ দামোদৰ দেৱ বঁটা আগবঢ়োৱা হ’ব এই পৱিত্ৰ ভাদমাহতেই ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details