BJP president reacts on alliance : ভিতৰি নিজৰ মাজত মিল বৰ্তাই ৰাখে কংগ্ৰেছ-এ আই ইউ ডি এফে; ভৱেশ কলিতা
ৰঙিয়া, 26 ফেব্ৰুৱাৰী :ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সমালোচনাত সৰৱ শাসকীয় বিজেপি দলৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা ৷ কংগ্ৰেছ-বিজেপিৰ মিত্ৰতাৰ প্ৰসংগত ‘‘আনক দেখুৱাই কেটেৰা মাৰিবা, ভিতৰি নেৰিবা বেথা’’ বুলি মন্তব্য আগবঢ়ায়ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Bhabesh kalita reacts on congress AIUDF alliance) ৷ ৰঙিয়া তিনিআলিত থকা নামনি অসমৰ একমাত্ৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা মন্দিৰৰ নতুনকৈ নিৰ্মাণ হ’বলগীয়া মন্দিৰ গৃহটোৰ আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকি কংগ্ৰেছ দলক এনেদৰে আক্ৰমণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷
কংগ্ৰেছ আৰু এআইইউডিএফ লগ লাগিয়ে থাকে । মাজে সময়ে লোকক দেখুৱাই কাজিয়া লাগে যদিও দল দুটাই ভিতৰি মিল বৰ্তাই ৰাখে বুলি কয় সভাপতি কলিতাই ৷ যদি ভূপেন বৰাই এআইইউডিএফৰ পৰা ধন লোৱা কথাটো সঁচা হয়, এয়া ভাল কথা নহয় বুলি উল্লেখ কৰাৰ লগতে দেশ আৰু ৰাজ্যত অধিকাংশ সময় শাসন কৰা কংগ্ৰেছে সংখ্যালঘুৰ বাবে কি কৰিলে বুলিও দলটোৰ প্ৰতি প্ৰশ্ন তোলে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷
সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি কংগ্ৰেছ দলে দাবী কৰে যদিও দলটোৱে সংখ্যালঘুৰ শৈক্ষিক আৰু অৰ্থনৈতিক দিশটোৰ লগতে সামগ্ৰিকভাৱে উন্নয়নৰ ক্ষেত্ৰত কি কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে ভৱেশ কলিতাই । বিজেপি চৰকাৰে সংখ্যালঘু লোকৰ বাবে কাম কৰাৰ বাবে দলটোৰ প্ৰতি সংখ্যলঘুসকল আকৃষ্ট হোৱা বুলি কয় সভাপতি ভৱেশ কলিতাই (BJP president at Rangia) ।
আনহাতে ৰঙিয়া তিনিআলিৰ ৰেলগেটত প্ৰয়োজন হৈ থকা উৰণীয়া সেঁতুখন অসম বিধানসভাৰ আগন্তুক বিত্তীয় বাজেটৰ পিচতে নিৰ্মাণ হ’ব বুলি সভাখনত বিধায়ক কলিতাই ঘোষণা কৰে । লগতে ৰঙিয়া তিনিআলিত নিৰ্মাণ হ’বলগীয়া মহকুমাধিপতিৰ সংযুক্ত কাৰ্যালয়ৰ নিৰ্মাণ বন্ধ হোৱাৰ কথা সম্পূৰ্ণ নস্যাৎ কৰি এয়া অসাধু লোকে প্ৰচাৰ কৰা বুলি উল্লেখ কৰে বিজেপি নেতা গৰাকীয়ে ৷ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতে কাৰ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি সভাত উল্লেখ কৰে বিধায়ৰগৰাকীয়ে ।
উল্লেখ্য যে, ১৯৮২ চনতে স্থাপন হোৱা শ্ৰী শ্ৰী বিশ্বকৰ্মা মন্দিৰটোৰ আধুনিকীকৰণ চলিত বছৰৰ ১৭ চেপ্তেম্বৰৰ আগতে সম্পূৰ্ণ হ’ব বুলি ৰঙিয়াৰ বিধায়ক গৰাকীয়ে উল্লেখ কৰে । লগতে 5 লাখ টকাৰ অনুদান আগবঢ়ায় ৷ আধাৰশিলা স্থাপন কাৰ্যসূচীত ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাৰ লগতে ৰঙিয়াৰ বহু নাগৰিক উপস্থিত থাকে ।
লগতে পঢ়ক :Drugs paddler arrested: তিনিচুকীয়াত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী
TAGGED:
BJP president at Rangia