অসম

assam

লোকসভা নিৰ্বাচনত খাটা খোলক কংগ্ৰেছে

ETV Bharat / videos

Bhabesh Kalita reaction: অংকিতা দত্ত বিজেপিলৈ যাব নেকি ? কি কয় ভৱেশ কলিতাই ? - Ankita Dutta rumor

By

Published : Apr 23, 2023, 10:28 PM IST

গুৱাহাটী, ২৩ এপ্ৰিল:"অংকিতা দত্তৰ ঘটনাটো কংগ্ৰেছৰ আভ্যন্তৰীণ কথা (Ankita Dutta Controversy Update)। ইয়াৰ লগত বিজেপিৰ কোনো সম্পৰ্ক নাই । কংগ্ৰেছ দলটো কাৰ্যকৰ্তা সকলে ভালকৈ পৰিচালনা কৰক । অংকিতা অহা নহাটো বাদ দিয়ক, অংকিতাৰ লগত আমাৰ যোগাযোগেই হোৱা নাই ৷ কংগ্ৰেছত দলীয় শৃংখলা নাই ৷ এটা ডাঙৰ শূন্যৰ দিশত কংগ্ৰেছ দলটো আগবাঢ়ি আছে (Bhabesh Kalita comments on Ankita Dutta rumor) ৷ কংগ্ৰেছ থকাটো আমি কামনা কৰো কিন্তু কংগ্ৰেছ 2024 লৈ নাথাকিব ৷ পাৰিলে কংগ্ৰেছ দলে অহা লোকসভা নিৰ্বাচনত খাটা খোলক ৷" কংগ্ৰেছক কটাক্ষ কৰি এই মন্তব্য প্ৰকাশ কৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (BJP State President Bhabesh Kalita reaction)৷  

অংকিতা দত্তক কংগ্ৰেছ দলৰ পৰা অনুশাসন ভংগ কৰাৰ কাৰণে 6 বছৰৰ বাবে বহিষ্কাৰ কৰাৰ পিচতেই বিজেপি গমনৰ বিষয়ে চৰ্চা হৈ আছিল ৷ অংকিতা দত্তই এজাহাৰ দাখিল কৰাৰ পিচত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ সমৰ্থনত মন্তব্য প্ৰকাশ কৰিছিল ৷ কংগ্ৰেছ দলৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ যদিও এয়া কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিষয় তাৰ পিচতো এগৰাকী অসমীয়া জীয়ৰীৰ সমৰ্থনত থিয় নিদিয়াৰ বাবে কংগ্ৰেছত প্ৰশ্ন উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই (Ankita Dutta Bjp Joining rumor) ৷  

উল্লেখ্য যে , অহা ৩০ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১০০ সংখ্যক মন কী বাত অনুষ্ঠান (PM Narendra Modi Maan Ki Baat )। ১০০ সংখ্যক মন কী বাতক লৈ বিজেপিৰ প্ৰস্তুতি এতিয়া তুংগত। প্ৰতিটো বুথত ভাৰ্ছুৱেল ৰূপত সম্প্ৰচাৰ কৰা হ'ব মন ক বাত অনুষ্ঠান । এই বিশেষ অনুষ্ঠানৰ উপলক্ষে একোটাকৈ বুথত ১০০ জনকৈ কাৰ্যকৰ্তাই অংশ ল'ব লাগিব মন কী বাতৰ সম্প্ৰচাৰ অনুষ্ঠানত ।  

লগতে পঢ়ক:Jogen Mohan reaction: যদি দললৈ কোনোবা আহিব খোজে তেন্তে আমি বাধা নিদিওঁ; মন্ত্ৰী মহন

এই সন্দৰ্ভত ৰবিবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত ৩৯ খন সংগঠনিক জিলাৰ সভাপতি, মণ্ডল সভাপতিক লৈ বিশেষ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ লগতে কেইবাজনো নেতা । বৈঠকত অংশগ্ৰহণ কৰি ভৱেশ কলিতাই কয় যে ১৪ এপ্ৰিলত বিহুৰ বিশ্ব অভিলেখ গঢ়াৰ বাবে মুখ্যমন্ত্ৰীৰ লগতে বিহুৱা বিহুৱতী সকলক ধন্যবাদ । সকলো বিহুৱা বিহুৱতীৰ লগতে মাষ্টাৰ ট্ৰেইনাৰসকলক বিজেপি কাৰ্যকৰ্তাসকলে দলীয় কাৰ্যালয়ত চাহ মিঠাই খাবলৈ নিমন্ত্ৰণ কৰা হ’ব । লগতে অভিভাৱক সকলকো নিমন্ত্ৰণ কৰা হ’ব ৷ 

ABOUT THE AUTHOR

...view details