অসম

assam

বংগ সীমান্তত অসমৰ বাহনৰ পৰা 300 টকাৰ গুণ্ডাটেক্স ল’লে বংগ আৰক্ষীয়ে

ETV Bharat / videos

Police collects illegal tax: সীমান্তত অসমৰ বাহনৰ পৰা গুণ্ডাটেক্স সংগ্ৰহ বংগ আৰক্ষীৰ

By

Published : Jun 29, 2023, 9:30 PM IST

যোৰহাট, 29 জুন :এইবাৰ অসম আৰক্ষী নহয়। অসম অভিমুখী বাহনৰ পৰা পশ্চিমবংগ আৰক্ষীৰ ধন সংগ্ৰহ ৷ স্মাৰ্ট আৰক্ষীৰ নিলৰ্জ কাণ্ড ৷ কি অসম আৰক্ষী ? কি পশ্চিমবংগ আৰক্ষী? সকলোকে লাগে মাথোঁ টকা । এইবাৰ জনতাৰ সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত আৰক্ষীয়ে সাধাৰণ জনতাক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। 

পশ্চিমবংগৰ পৰা গাড়ী ক্ৰয় কৰি অসমলৈ আনিলে পশ্চিম বংগৰ আৰক্ষীক দিব লাগে ৩০০ টকাকৈ গুণ্ডাটেক্স। পশ্চিমবংগ আৰক্ষীয়ে ধন দাবী কৰা এটা ভিডিঅ’ বন্দী হৈছে মোবাইল কেমেৰাত। 

ইয়াৰ বিপৰীতে অসমৰ জাগীৰোড আৰক্ষীকো বৰ্হিৰাজ্যৰ পৰা ক্ৰয় কৰি অনা বাহনৰ অসমলৈ আনিলৈ বাহনৰ বাবদ দিব লাগে গুণ্ডাটেক্স । এই অভিযোগ উত্থাপন কৰে মৰিয়নীৰ এজন যুৱ ব্যৱসায়ীয়ে। 

প্ৰকৃততে পশ্চিমবংগৰ পৰা অসমলৈ বাহন ক্ৰয় কৰি যোৰহাটৰ মৰিয়নীলৈ আহি আছিল যুৱ ব্যৱসায়ী অভিদীপ শইকীয়াই ৷ তাৰ পিচতে তেওঁক বংগ সীমান্তত আৰক্ষীয়ে তেওঁৰ নথি পত্ৰসমূহ পৰীক্ষা কৰে ৷ তাৰ পিচতো যুৱকজনৰ নথি পত্ৰসমূহ সকলো ঠিকেই থকাৰ পিচতো যুৱকজনৰ পৰা ৩০০ টকা বিচাৰে বংগ আৰক্ষীয়ে ৷ যুৱকজনে কিয় ধন লাগে বুলি ওলোটাই প্ৰশ্ন কৰাত তৰ্কা-তৰ্কিত লিপ্ত হয় আৰক্ষীৰ দলটো ৷ এই সমগ্ৰ দৃশ্য বন্দী মোবাইলৰ কেমেৰাত। 

উল্লেখ্য যে, বাহনসমূহৰ সকলো নথি-পত্ৰ সঠিকভাৱে থকাৰ পিচতো পশ্চিম বংগ তথা অসমৰ একাংশ আৰক্ষীয়ে গুণ্ডা কৰ বিচাৰি হাৰাশাস্তি কৰি আহিছে বাহনৰ গৰাকীক। 

লগতে পঢ়ক:Weaver birds in Kaliabar: টোকোৰা চৰাইৰ কলৰৱত মুখৰিত কলিয়াবৰ

ABOUT THE AUTHOR

...view details