অসম

assam

দ্বিতীয় বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলা

ETV Bharat / videos

শনিবাৰৰ পৰা মণিৰাম দেৱান ট্ৰেড চেন্টাৰত আৰম্ভ দ্বিতীয় বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলা - আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলা 2023

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 2:03 PM IST

গুৱাহাটী, ২৪ ডিচেম্বৰ : মহানগৰীৰ বেতকুচিস্থিত মণিৰাম দেৱান ট্ৰেড চেন্টাৰত আয়োজন কৰা হৈছে দ্বিতীয় বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলা । অসম বাণিজ্য উন্নয়ন সংস্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই বাণিজ্য মেলাখনি । শনিবাৰে মেলাখনি শুভ উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই ।

লগতে উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়া, অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকা, অসম বাণিজ্য উন্নয়ন সংস্থাৰ উপাধ্যক্ষ মধুৰাম ডেকা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।

উল্লেখ্য যে, ২৩ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈ মুঠ ১৬ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই বৰ্ষৰ আন্তঃ ৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলাখন । ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃ ৰাষ্ট্ৰৰ পৰা অহা দুই শতাধিক বিপনীয়ে অংশগ্ৰহণ কৰিছে বাণিজ্য মেলাত ।

অনুষ্ঠানটোত উপস্থিত থাকি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ দৰে এনেবোৰ কাৰ্যসূচীয়ে ৰাজ্যৰ উদ্যমী যুৱক-যুৱতীসকলক উৎসাহিত কৰাৰ লগতে অসমক ব্যৱসায়িক দিশত আগবঢ়াই নিব বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ।

লগতে পঢ়ক :তিনিচুকীয়া শিৱসাগৰত গুলীবিদ্ধ ৪ জনক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি

For All Latest Updates

ABOUT THE AUTHOR

...view details