অসম

assam

দেৰগাঁৱৰ জেলেহুৱা গাঁৱত নিশা ভালুকৰ আতংক

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 1:28 PM IST

দেৰগাঁও জেলেহুৱা গাঁৱত আতংক

দেৰগাঁও, ৯ ডিচেম্বৰ: দেৰগাঁৱৰ জেলেহুৱা গাঁৱত অব্যাহত আছে ভালুকৰ আতংক ৷ নিশা হ'লেই ঘৰৰ পৰা ওলাব নোৱাৰে বৃহত্তৰ দেৰগাঁও জেলেহুৱা গাঁৱৰ লোকসকল ৷ দিনে নিশাই বনকৰ্মীৰ লগতে গাঁৱৰ ৰাইজে হাবিয়ে হাবিয়ে বিচাৰি চলাথ কৰিছে ভালুক । ভালুকে নিতৌ অঞ্চলটোৰ ব্ৰইলাৰ ফাৰ্ম বা কুকুৰা গঁৰালৰ পৰা কুকৰা-হাঁহ ভক্ষণ কৰি এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে  ৷  

ভালুকে আতংক সৃষ্টি কৰা জেলেহুৱা গাঁৱৰ ইটাখলি অঞ্চলৰ গভীৰ হাবিত গোলাঘাট জিলা বন বিষয়া সুশীল ঠাকুৰীয়াৰ নেতৃত্বত এটা বনকৰ্মী আৰু স্থানীয় ৰাইজৰ দলে অনুসন্ধান চলায়। বহুসময় ধৰি অনুসন্ধান কৰিও ভালুকৰ অৱস্থিতি ধৰা পেলাব নোৱাৰিলে দলটোৱে । ভালুকটো প্ৰত্যক্ষ কৰিলেই ট্ৰেংকুলাইজ কৰিব বুলি কয় জিলা বন বিষয়াগৰাকীয়ে । উল্লেখযোগ্য যে সন্ধিয়া হোৱাৰ লগে লগেই কাৰ্যতঃসম্পূৰ্ণভাৱে স্তব্ধ হৈ পৰে বৃহত্তৰ জেলেহুৱা অঞ্চলটো ।

লগতে পঢ়ক:বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ ধাৰাবাহিক বৈঠক, পূৰ্ণোদ্যমে চলিছে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details