অসম

assam

ETV Bharat / videos

BCPL Annual Conference in Dibrugarh: উদুলি মুদুলি বৰবৰুৱাৰ চুকাফা ভৱনৰ বাকৰি - BCPL ঠিকাদাৰ শ্ৰমিক ইউনিয়ন

By

Published : Nov 13, 2022, 9:20 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

উদুলি মুদুলি বৰবৰুৱাৰ চুকাফা ভৱনৰ বাকৰি । জাতি জনগোষ্ঠীৰ নৃত্য গীতেৰে মুখৰিত BCPL ঠিকাদাৰ শ্ৰমিক সংঘৰ পঞ্চম বাৰ্ষিক অধিবেশনস্থলী । বৰবৰুৱাত BCPL ঠিকাদাৰ শ্ৰমিক ইউনিয়নৰ উদ্যোগত আৰু BCPL ঠিকা শ্ৰমিকৰ (Contract workers) সহযোগত অনুষ্ঠিত হৈছে পঞ্চম বাৰ্ষিক অধিবেশন (BCPL Annual Conference) । এছিয়া মহাদেশৰ দ্বিতীয় পলিমাৰ প্ৰকল্প হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড চমুকৈ BCPL প্ৰকল্পটিৰ কাম ডিব্ৰুগড় লেপেটকটাত ২০০৮ চনত আৰম্ভ হৈছিল । ইয়াৰ পিছতে ২০১২-১৩ বৰ্ষত BCPL ঠিকাদাৰ শ্ৰমিক ইউনিয়নে (Contractor works union) প্ৰতিষ্ঠা লাভ কৰিছিল । প্ৰতিষ্ঠা দিনৰে পৰা শ্ৰমিকৰ বিভিন্ন দাবী পূৰণৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ইউনিয়নে । প্ৰতিষ্ঠা হোৱা দহটা বছৰ গৰকা উপলক্ষে আজি চুকাফা ভৱনত সংগঠনটোৰ ‘পঞ্চম বাৰ্ষিক অধিবেশন' খন অনুষ্ঠিত কৰা হয় । উল্লেখ্য যে, এই শ্ৰমিক ইউনিয়নৰ সাংবিধানিক নিয়ম অনুযায়ী প্ৰতি দুই বছৰৰ মূৰে মূৰে অধিবেশন অনুষ্ঠিত কৰি আহিছে সংগঠনটোৱে । আজি বৰবৰুৱাৰ চুকাফা ভৱনত অনুষ্ঠিত পঞ্চম বাৰ্ষিক অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, সাংস্কৃতিক শুভাযাত্ৰা আদি বিভিন্ন কাৰ্যসূচী হয় ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details