অসম

assam

ETV Bharat / videos

Administration raid at crackers shop : আতচবাজীৰ বিপনীত বৰপেটা প্ৰশাসনৰ অভিযান - Barpeta administration seals fireworks shop

By

Published : Oct 20, 2022, 9:39 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

সমাগত দীপাৱলী (Diwali 2022)। ইতিমধ্যে দীপাৱলীৰ বিভিন্ন সামগ্ৰীৰে ভৰিছে ৰাজ্যৰ প্ৰতিখন বজাৰ । চাকি, ভিন্ন ৰঙী লাইট, আতচবাজী উভৈনদী হৈছে । অৱশ্যে আতচবাজীৰ বিক্ৰী আৰু মজুতৰ ক্ষেত্ৰত প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন ধৰণৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে (Administration guidelines for crackers sale)। কিন্তু প্ৰশাসনৰ নিৰ্দেশনাক বহু সময়ত উলংঘন কৰে ব্যৱসায়ীসকলে । যাৰ বাবে দীপাৱলীৰ সময়ত প্ৰায়ে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত প্ৰশাসনে অভিযান চলায় । বৰপেটা জিলা প্ৰশাসনো এই ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈছে । অবৈধভাৱে আতচবাজী মজুত আৰু বিক্ৰীক লৈ বৰপেটা জিলা প্ৰশাসনে বুধবাৰে বহু স্থানত অভিযান চলাইছে ৷ বৰপেটা আৰু বৰপেটাৰোডৰ কেইবাখনো বিপনীত প্ৰশাসনে অভিযান চলোৱা দেখা গৈছে (Barpeta administration raid at crackers shop)৷ বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত লাচিত দাসৰ নেতৃত্বত প্ৰশাসন আৰু বৰপেটা আৰক্ষীৰ এটা দলে এই অভিযান চলায় । অভিযানৰ সময়ত প্ৰশাসনৰ নিৰ্দেশনা উলংঘনৰ অপৰাধত কেইবাখনো বিপনীত তলা লগালে প্ৰশাসনে (Barpeta administration locks fireworks shop)। সমান্তৰালকৈ অনুজ্ঞাপত্ৰ নথকা বিপনীসমূহতো তলা লগালে প্ৰশাসনে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details