অসম

assam

বঢ়মপুৰত অনুষ্ঠিত হয় দীক্ষান্ত সমাৰোহ

By

Published : Apr 28, 2023, 9:37 PM IST

ETV Bharat / videos

Deekhyanta Samaroh Program: নৱম অসম আৰক্ষী বাহিনীৰ দীক্ষান্ত সমাৰোহ সম্পন্ন

নগাঁও, 28 এপ্ৰিল : শুকুৰবাৰে বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীৰ মূল পেৰেড গ্ৰাউণ্ডত দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰা হয় (Deekhyanta Samaroh Program) ৷ অসম আৰক্ষীৰ ১১৭ ABRC সংখ্যক বেট্চৰ ৫৫৬ গৰাকী কনিষ্টবলৰ প্ৰশিক্ষণৰ অন্তত অনুষ্ঠিত হয় এই সমাৰোহ ৷ দীক্ষান্ত সমাৰোহত মুখ্য অতিথিৰূপে অংশ লয় অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, ৰহাৰ বিধায়ক শশীকান্ত দাস, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু বিশেষ আৰক্ষী সঞ্চালক হৰমিৎ সিং। মন্ত্ৰী অজন্তা নেওগে নৱম অসম আৰক্ষী বাহিনীত উপস্থিত হোৱাৰ লগে লগে তেখেতক আৰক্ষীৰ নিয়ম অনুসৰি পেৰেড গ্ৰাউণ্ডলৈ আদৰি লৈ যোৱা হয় (Barhampur 9th APBN observed Deekhyanta Samaroh)। লগতে নৱনিযুক্ত জোৱানসকলে ৰাষ্ট্ৰীয় পতাকা আৰু আৰক্ষীৰ বিশেষ পতাকাৰ তলত শপত বাক্য পাঠ কৰে ।  

লগতে পঢ়ক:Locals banned Demow picnic spot: পৰ্যটকৰ বাবে নিষিদ্ধ ডিমৌৰ বনভোজস্থলী

এই দীক্ষান্ত সমাৰোহত মন্ত্ৰীগৰাকীয়ে ৫৫৬ গৰাকী কনিষ্টবলৰ অভিবাদন গ্ৰহন কৰে ৷ এই অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে আকৰ্ষণীয় কুচকাৱাজ প্ৰদৰ্শন কৰে ৷ 

ABOUT THE AUTHOR

...view details