অসম

assam

অন্তৰ্ধান বেংক মেনেজাৰ প্ৰিন্স

By

Published : Aug 11, 2023, 2:27 PM IST

ETV Bharat / videos

Bank manager runaway : অন্তৰ্ধান বেংক মেনেজাৰ প্ৰিন্স; ধন বিচাৰি বেংকত হাহাকাৰ গ্ৰাহকৰ

মাজুলী, 11 আগষ্ট :হঠাৎ উত্তপ্ত হৈ পৰিল মাজুলী ৷ অভিযোগ অনুসৰি, মাজুলীৰ গড়মূৰত আদৰ্শ গাঁও নিধি লিমিটেড নামৰ এটা বেংকে ক্ষুদ্র সঞ্চয়ৰ নামত গ্ৰাহকক দিছে ৰাম ঠগন ৷ এই ক্ষেত্ৰত বিশেষকৈ বেংকটোৰ মেনেজাৰে টকা হৰলুকি কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ৷ অভিযুক্ত বেংক মেনেজাৰৰ নাম প্ৰিন্স গগৈ বুলি জানিব পৰা গৈছে ৷

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, প্ৰতিদিনেই বেংকটোলৈ মেচিঅ’ৰিটিৰ ধন বিচাৰি আহে বহু গ্ৰাহক ৷ কিন্তু গ্ৰাহকক বহু মিছা কথা কৈ মেনেজাৰ প্ৰিন্স গগৈয়ে হিতাধীকাৰীক নিদিয়ে ধন ৷ প্ৰতিদিনাৰ দৰে বৃহস্পতিবাৰেও বহু হিতাধিকাৰীয়ে বিচাৰি গৈছিল নিজৰ প্ৰাপ্যৰ ধন ৷ কিন্তু সেই ধন প্ৰৱঞ্চনাৰে সৰকোৱাৰ ফান্দ পাতিহিছিল প্ৰিন্স গগৈয়ে ৷

অৱশ্যে স্থানীয় ৰাইজৰ উপস্থিতিত সকলো চূৰমাৰ হয় অভিযুক্ত প্ৰিন্সৰ ৰণ কৌশল ৷ অৱশ্যে চেগ বুজি উক্ত স্থানৰ পৰা পলায়ন কৰে অভিযুক্ত মেনেজাৰ প্ৰিন্স গগৈয়ে ৷ জানিব পৰা মতে, গ্ৰাহকসকলে এই বিষয়টোৰ সন্দৰ্ভত গড়মূৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে ৷ লগতে শীঘ্ৰেই বেংকৰ মেনেজাৰে কৰা প্ৰৱঞ্চনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনাইছে ৰাইজে ৷

লগতে পঢ়ক :Chokighat Bridge : জীয়া ভৰলীত হ’ব দ্বিতীখন দলং; তেজপুৰৰ পৰা জামুগুৰিলৈ কমিব দূৰত্ব

ABOUT THE AUTHOR

...view details