অসম

assam

শিক্ষানুষ্ঠানৰ সমীপত ধঁপাতজাতীয় সামগ্ৰীত নিষেধাজ্ঞা

By

Published : Aug 2, 2023, 7:49 PM IST

ETV Bharat / videos

Ban on tobacco products: শিক্ষানুষ্ঠানৰ সমীপত ধঁপাতজাতীয় সামগ্ৰীত নিষেধাজ্ঞা

তিনিচুকীয়া,২ আগষ্ট: তিনিচুকীয়া জিলাৰ কেতবোৰ শিক্ষানুষ্ঠানৰ সমীপত অৱস্থিত বহু ব্যৱসায়িক প্ৰতিষ্ঠানে স্বাস্থ্যৰ বাবে হানিকাৰক তামোল, চিগাৰেট, গুটকা, পান-মচলা তথা ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰাটো জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে । আনহাতে, শিক্ষানুষ্ঠানৰ কাষত এনেধৰণৰ সামগ্ৰীৰ বিক্ৰীৰ ফলত বহু স্কুল তথা কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে এই ধঁপাতজাতীয় সামগ্ৰী সেৱন আৰম্ভ কৰাটো প্ৰশাসনৰ পৰিলক্ষিত হৈছে ।  

স্কুল তথা কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াৰ জিলা দণ্ডাধীশ স্বপ্নীল পালে এক নিৰ্দেশনা যোগে সমগ্ৰ জিলাখনতে বলবৎ হোৱাকৈ ফৌজদাৰী কাৰ্যবিধিৰ ১৩৩ ধাৰাৰ অধীনত সকলো শিক্ষানুষ্ঠানৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ এলেকাৰ ভিতৰত তামোল, চিগাৰেট, গুটকা,পান-মচলা তথা অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰীত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে । কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানে এই নিষেধাজ্ঞা উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে । 

লগতে পঢ়ক:Poor road condition: গাভৰুসকলৰ বাবে অভিশপ্ত এটা পথ

ABOUT THE AUTHOR

...view details