অসম

assam

By

Published : Sep 10, 2022, 2:25 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / videos

নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰত অনশনকাৰীৰ শোচনীয় অৱস্থা

নামৰূপস্থিত অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অস্থায়ী ঠিকা শ্ৰমিকসকলে সাব্যস্ত কৰা আমৰণ অনশন কাৰ্যসূচীয়ে ১০০ ঘণ্টা অতিক্ৰম কৰিলে (APGCL temporary workers protest) ৷ বৰ্তমান সময়ত কেইবাজনো অনশনকাৰীৰ অৱস্থা শোচনীয় হৈ পৰিছে (Bad health condition of protester at Namrup) ৷ অনশনস্থলীতে ঢলি পৰে টিপু দাস গুপ্তা নামৰ এজন অনশনকাৰী (APGCL workers strike at Namrup) । শ্ৰমিকসকলে স্থায়ী নিযুক্তি নোহোৱা পৰ্যন্ত শক্তি উৎপাদন নিগমৰ অন্তভুৰ্ক্তকৰণ আৰু সমান কামৰ সমান অধিকাৰ নীতি প্ৰযোজ্য কৰিবলৈ ৫ ছেপ্টেম্বৰৰ পৰা নামৰূপ তাপবিদ্যুৎ প্ৰকল্পৰ (Namrup Thermal Project) মহাপ্ৰবন্ধকৰ কাৰ্যালয়ত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰি আছে । অনশনৰ ১০০ ঘণ্টা পাৰ হোৱাৰ পাছতো ঊৰ্ধ্বতন কৰ্তৃপক্ষই কোনো সদুত্তৰ দিবলৈ সক্ষম হোৱা নাই ৷ আনহাতে, অস্থায়ী শ্ৰমিকসকলৰ স্থায়ী নিযুক্তি নোহোৱা পৰ্যন্ত শ্ৰমিকসকলক নিগমৰ অধীনস্থকৰণ আৰু সমান কামৰ সমান অধিকাৰ প্ৰদান নকৰা পৰ্যন্ত এই প্ৰতিবাদ চলি যাব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details