অসম

assam

By

Published : Dec 8, 2022, 11:10 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

ETV Bharat / videos

Road accident in Boko: পথ দুৰ্ঘটনাত নিহত বি পি চলিহা মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তা

বকোৰ লামপাৰাত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Boko) । নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় এখন আল্ট্ৰা বাছ । এই শোকাৱহ দুৰ্ঘটনাটোত থিতাতে নিহত হয় বাছখনত থকা এজন যাত্ৰী ৷ ঘটনাৰ বিৱৰণী অনুসৰি বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এখন ই-ৰিক্সাক খুন্দিয়াই ৷ তাৰ পিছত পথৰ দাঁতিৰ দুখন দোকানক মহতিয়াই নিয়ে ৷ ফলত ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় ড৹ অঞ্জনজ্যোতি বৰা নামৰ যাত্ৰীজন (B P Chaliha College lecturer died)। জানিব পৰা অনুসৰি ড৹ অঞ্জনজ্যোতি বৰা নগৰবেৰা বি পি চলিহা মহাবিদ্যালয়ৰ ৰাজনৈতিক বিভাগৰ প্ৰবক্তা (B P Chaliha College Nagarbera) । দুৰ্ঘটনাটোত আন চাৰিগৰাকী যাত্ৰীও আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে । আহতসকলক বামুণীগাঁও আদৰ্শ চিকিৎসালয় ভৰ্তি কৰোৱা হয় ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details