অসম

assam

ETV Bharat / videos

Ayushman Bharat Card: দৰঙত আয়ুস্মান ভাৰত কাৰ্ড বিতৰণ - আয়ুস্মান ভাৰত

🎬 Watch Now: Feature Video

আয়ুস্মান ভাৰত কাৰ্ড বিতৰণ

By

Published : May 27, 2023, 9:47 PM IST

দৰং, 27 মে’: আজি দৰঙ জিলাৰ বিভিন্ন হিতাধীকাৰীলৈ আয়ুস্মান ভাৰত আৰু আয়ুস্মান অসম কাৰ্ড বিতৰণ কৰা হয় । দৰং জিলাৰ মুঠ ৬,৬৩,৬০৬ গৰাকী হিতাধীকাৰীক এই কাৰ্ড জড়িয়তে সামৰি লোৱা হ’ব । ইতিমধ্যে ৪,৮১০০০ লোকক এই কাৰ্ড প্ৰদান কৰা হৈছে বুলি জনাইছে জিলা প্ৰশাসনে ( Ayushman Bharat Card  Distributed in Darrang) । 

মঙলদৈ জিলা পুথিভঁৰাল প্ৰাংগনত অনুষ্ঠিত এখনি সভাত বিতৰণ কৰা হয় আয়ুস্মান ভাৰত কাৰ্ড ৷ অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মাই আঁত ধৰা আৰু জিলা উপায়ুক্ত মুনিন্দ নাথ ঙাটেই আদৰণি ভাষণ দিয়া সভাখনত দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বক্তব্য আগবঢ়াই আয়ুস্মান কাৰ্ডৰ পৰা পাবলগীয়া সা-সুবিধাসমূহ উল্লেখ কৰে (Ayushman Bharat Card) । 

সভাত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দীলিপ শইকীয়াই বক্তব্য আগবঢ়াই ভাৰত চৰকাৰ আৰু অসম চৰকাৰে স্বাস্থ্য, শিক্ষাৰ উন্নয়নৰ বাবে লোৱা আচঁনিসমূহে জনসাধাৰণক উপকৃত কৰা বুলি কয় । সভাত মঙলদৈৰ বিধায়ক বসন্ত দাস, দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমান, কলাইগাঁৱৰ বিধায়ক দুৰ্গাদাস বড়োসহ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । সভাত মঙলদৈ , চিপাঝাৰ , কলাইগাঁও আৰু দলগাঁৱৰ ২০ গৰাকী হিতাধীকাৰীক কাৰ্ড বিতৰণ কৰা হয় ।

লগতে পঢ়ক:Poor condition of govt school: শিক্ষাখণ্ডৰ ফোঁপোলাস্বৰূপ; এজাক বৰষুণতেই পানীৰ ডোঙা বান্ধে শ্ৰেণীকোঠাত

ABOUT THE AUTHOR

...view details