AJYCP protest: সামগ্ৰীৰ দাম বৃদ্ধি তথা টোল মাচুল বৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - AJYCP protest in Guwahati
গুৱাহাটী, 3 এপ্ৰিল: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ টোল কৰ বৃদ্ধিৰ প্ৰস্তাৱ বাতিল কৰা (Toll tax increase), জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰ প্ৰস্তাৱ বাতিল কৰা, বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ বাতিল কৰাৰ আদিৰ দাবীৰে শিলপুখুৰী উদ্যানৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (AJYCP protest in Guwahati) ৷
হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ সোমবাৰে দিনৰ 12 বজাৰ পৰা প্ৰায় তিনিঘণ্টা ধৰি সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সুকুমাৰ বৰ্মনে কয়, ‘‘দাম বৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰিছে ৷ কিন্তু তাৰ মাজতে ভূতৰ ওপৰত দানহ পৰা দি চৰকাৰে টোল টেক্স , জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰাৰ লগতে বিদ্যুতৰ মাছুল বৃদ্ধি কৰিছে (AJYCP protest against price hike) ৷’’
লগতে তেওঁ কয়, ‘‘ক’ভিডৰ পাচত সৰ্বসাধাৰণে কোনোমতে আৰ্থিকভাৱে থিয় হৈছিলহে ৷ তাৰ পাচতে পুনৰ দামবৃদ্ধি কৰি জনসাধাৰণক ৰামটাঙোন শোধাইছে ৷’’ এই সকলো দাবী সম্বলিত একোখনকৈ স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে প্ৰেৰণ কৰা হ’ব বুলিও সদৰী কৰে সংগঠনটোৰ সদস্যই ৷
লগতে পঢ়ক:Landslide in NHPC: NHPCৰ ডাইভাৰছন টাৰ্নেলৰ ওপৰত খহি পৰিল পাহাৰৰ মাটি