অসম

assam

ETV Bharat / videos

Awareness rally in Kampur: হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী উপলক্ষে বিশাল ৰেলী চি আৰ পি এফৰ - হৰ ঘৰ ত্ৰিৰংগা

By

Published : Aug 7, 2022, 12:19 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি আজাদী কা অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) পালনৰ জড়িয়তে এইবাৰ "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে (Har Ghar Tiranga Abhiyan) । "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী উপলক্ষে ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কামপুৰতো বিশেষ প্ৰস্তুতি হাতত লোৱা দেখা গৈছে । পুৱাই নগাঁৱৰ কঠিয়াতলী ৰেংবেংস্থিত CRPF ৰ 34 বেটেলিয়ানৰ জোৱানসকলে হাতে হাতে জাতীয় পতাকা লৈ 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল ৰূপায়নৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এক বিশাল শোভাযাত্ৰা বাহিৰ কৰে (Awareness rally by CRPF in Kampur)। নগাঁৱৰ কঠিয়াতলী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰে পদযাত্ৰা কৰি যোৱা এই শোভাযাত্ৰাত সমূহ ৰাইজক ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলন কৰি স্বাধীনতা দিৱসৰ এই বিশেষ কাৰ্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনায় ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details