অসম

assam

Awareness program at Tinsukia: তিনিচুকীয়াত সাংস্কৃতিবান জীৱন যাপনৰ আদৰ্শৰে সজাগতা অনুষ্ঠান

By

Published : Jan 20, 2023, 10:59 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

সমাজৰ সুস্থ বাতাবৰণ বজাই ৰখাৰ স্বাৰ্থত সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ বিশেষ পদক্ষেপ(Awareness program at Tinsukia) । সমাজখনত ৰঘুমলা শিপাৰ দৰে বাঢ়ি অহা কু-সংস্কাৰ, অন্ধবিশ্বাস(Superstition), অসুৰিক শক্তি, বাল্যবিবাহ আদি নিৰ্মূল কৰি সমাজৰ পৰা মাদক দ্ৰব্য নিবাৰণ(Drug control) কৰি এক সুস্থ সমাজ গঢ়াৰ সপোন লৈ সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত প্ৰাণস্বচ্ছল হাঁহিৰ সন্ধানত গাঁৱে গাঁৱে "আহক সুন্দৰ সংস্কৃতিবান জীৱন যাপন কৰো" নামৰ কায্যসূচী গ্ৰহণ কৰি আহিছে(Awareness program with ideals of cultural life in Tinsukia) । 

বিভিন্ন গাঁওসমূহৰ সমূহত ৰাইজৰ মাজত এনে অপসংস্কৃতি তথা সমাজৰ ক্ষতিকাৰক কাৰকসমূহৰ বিষয়ে ৰাইজ সজাগ কৰাৰ উদ্দেশ্যৰে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰই । বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শুকুৰবাৰে সদৌ মৰাণ কলাসংস্কৃতি বিকাশ কেন্দ্ৰ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত কাকজান গাঁৱত অনুষ্ঠিত কৰা হয় এই বিশেষ অনুষ্ঠানৰ ।  

কাকজান গাঁৱৰ সোনজান গোপিনি নামঘৰত স্থানীয় বহুসংখ্যক মহিলা, ভকত-আইসকলৰ উপস্থিতিত উক্ত কায্যসূচী সুকলমে অনুষ্ঠিত কৰা হয় । প্ৰাণস্বচ্ছল হাঁহিৰ সন্ধানত কৰা এই অবিৰত যাত্ৰাৰ জৰিয়তে জনসাধাৰণক সুস্থ চিন্তাৰ অধিকাৰী কৰোৱাৰ উদ্দেশ্যৰে আগবাঢ়িছে সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ । এই মান উদ্দেশ্য আগত লৈ বিগত ২০১৭ চনৰ পৰা যাত্ৰা আৰম্ভ কৰা হৈছিল । বিভিন্ন প্ৰান্তত এই কাৰ্যসূচীৰ অনুষ্ঠিত কৰি যথেষ্ঠ লাভদায়ক হোৱা বুলি উল্লেখ কৰে সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সাধাৰণ সম্পাদক মণ্টু চেতিয়াই ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details