World Organ Donation Day: বিশ্ব অংগদান দিৱস উপলক্ষে গুৱাহাটীত সজাগতামূলক বাইক ৰেলী; উপস্থিত জুবলী বৰুৱা - Dr Bhaba Das Foundation
গুৱাহাটী, ১৩ আগষ্ট: আজি বিশ্ব অংগদান দিৱস । এই উপলক্ষে মহানগৰীত অনুষ্ঠিত কৰা হয় এক সজাগতামূলক বাইক ৰেলী । ডাঃ ভৱ দাস ফাউণ্ডেছনৰ উদ্যোগত জুৱলী ফাউণ্ডেছনৰ লগতে ইণ্ডিয়ান মেডিকেল এচোছিয়েশ্যন গুৱাহাটী শাখাৰ সহযোগত অনুষ্ঠিত কৰা হয় এই বাইক ৰেলী । সকলোকে অংগদান তথা অংগ সংৰোপনৰ সজাগতা বৃদ্ধি কৰিবলৈ মহানগৰীৰ খানাপাৰাৰ পৰা আৰম্ভ কৰা হয় ৰেলী।
এই অনুষ্ঠানটোত ডাঃ ভৱ দাস প্ৰমুখ্যে জনপ্ৰিয় কণ্ঠশিল্পী জুৱলী বৰুৱা, ব্ৰিগিডিয়াৰ সঞ্জীৱ চোপ্ৰাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে, প্ৰায় চাৰি শতাধিক লোকে অংশগ্ৰহণ কৰা সজাগতামূলক বাইক ৰেলীত খানাপাৰাৰ পৰা জি এছ ৰোড, দীঘলীপুখুৰী, চান্দমাৰি হৈ পুনৰ আহি উপস্থিত হয় খানাপাৰাস্থিত হেলথ চিটি হাস্পতালত ।
ইয়াৰ লগতে হেলথ চিটি হাস্পতালত অনুষ্ঠিত কৰে অংগদান তথা অংগ সংৰোপন সন্দৰ্ভত এখনি আলোচনা চক্ৰ । মহানগৰীৰ দৰে অসমৰ যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰতো অনুষ্ঠিত কৰা হৈছে এনে সজাগতামূলক বাইক ৰেলী ।