অসম

assam

ETV Bharat / videos

অইলৰ ওপৰত উগ্ৰপন্থীৰ আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰ্তৃপক্ষৰ

By

Published : May 19, 2022, 8:31 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

অইল ইণ্ডিয়া লিমি়টেডৰ ওপৰত উগ্ৰপন্থী আক্ৰমণৰ সম্ভাৱনা থকা বুলি অসম আৰক্ষীয়ে সাৱধানবাণী দিয়াৰ পাছতে সমগ্ৰ বিষয়টোৱে অইল ইণ্ডিয়াৰ ভিতৰচৰাত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল (Possibility of attack of ULFA I on oil India limited) । আলফা(স্বা)য়ে তৈল প্ৰতিষ্ঠানত আক্ৰমণৰ সম্ভাৱনাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতে বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষই । অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজানৰ মুখপাত্ৰ ত্ৰিদীব হাজৰিকাই কয়, "এই সম্পৰ্কে অসম আৰক্ষীৰ পৰা বুধবাৰে পৰামৰ্শ লাভ কৰিছিলোঁ । মাজে সময়েও অসম আৰক্ষীৰ পৰা এনে ধৰণৰ পৰামৰ্শ পাওঁ । অইলৰ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰিবলৈ পৰামৰ্শ দিছিল অসম আৰক্ষীয়ে । উগ্ৰপন্থীৰ আক্ৰমণৰ কথা অইল কৰ্তৃপক্ষৰ ওচৰত কোনো তথ্য নাই কিন্তু অইলৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।’’
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

...view details