অসম

assam

অনাকাংক্ষিত ঘটনা

ETV Bharat / videos

মৃতকৰ ঘৰত ভৰি দি আৱেগিক মন্ত্ৰী অতুল বৰা-নয়নমণি শইকীয়া - dergaon bus accident

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 11:06 PM IST

Updated : Jan 4, 2024, 2:53 PM IST

গোলাঘাট, 3 জানুৱাৰী : নৱবৰ্ষৰ আৰম্ভণিতে ঘটি গ’ল এটা অনাকাংক্ষিত ঘটনা ৷ একেখন গাঁৱতে জ্বলিল 11 খনকৈ চিতা ৷ একেটা পৰিয়ালৰে পাঁচজন আকস্মিকতে নাইকিয়া হৈ গ’ল ৷ গোটেই গাঁওখনতে বৰ্ণনা কৰিব নোৱৰা পৰিৱেশে বিৰাজ কৰিছে ৷ প্ৰতিঘৰতে আজি উচুপনি ৷ চকুপানীৰে বাট নেদেখাৰ দৰে অৱস্থা ৷

পুৱা 2 বাজি 15 মিনিটত গোলাঘাটৰ বছ-ভৰলোৱা গাঁৱৰ পৰা টিলিঙা মন্দিৰলৈ বুলি ওলাইছিল প্ৰায় 45/50 জন লোক ৷ শিশুৰ পৰা আদহীয়ালৈকে সকলো আছিল গাঁওখনৰ ৷ মন্দিৰ দৰ্শনৰ লগতে পিকনিকো খোৱাৰ কথা ৷ বছৰটোৰ আৰম্ভণিতে গাঁৱৰে সকলো মিলি এসাঁজ লগে-ভাগে খোৱাৰ হেঁপাহ ৷ ভাড়া কৰি নিছিল বাছ ৷ কিন্তু বাছ গৈ নাপালেগৈ গন্তব্য স্থান ৷ দেৰগাঁৱৰ বালিজানত এখন ট্ৰাকৰে সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয় বাছখন ৷ চূৰ্ণ-বিচূৰ্ণ হৈ পৰে বাছ ৷ থিতাতে নিহত হয় 10 গৰাকী ৷ আঘাতপ্ৰাপ্ত সকলক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ ইতিমধ্যে তিনিজনক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

ঘটনাৰ পিচতে গাঁওখনত উপস্থিত হয় মন্ত্ৰী অতুল বৰা ৷ তেওঁৰ লগতে উপস্থিত থাকে খেলুৱৈ নয়নমণি শইকীয়া ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘটনাৰ মুখামুখি হোৱা সকললৈ সহায় আগবঢ়াব বুলি মন্তব্য আগবঢ়াই মন্ত্ৰীজনে ৷ নয়নমণি শইকীয়াও পৰিয়ালকেইটিলৈ সমবেদনা জ্ঞাপন কৰি সঁহাৰি আগবঢ়োৱাৰ কথা উল্লেখ কৰে ৷

লগতে পঢ়ক :বছা-ভৰলোৱা গাঁৱত শোকাকুল পৰিৱেশ

Last Updated : Jan 4, 2024, 2:53 PM IST

ABOUT THE AUTHOR

...view details